নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৱৰমতীৰ পৰা দাণ্ডিযাত্রা উদ্বোধন প্রধানমন্ত্রীৰ

স্বাধীনতাৰ ৭৫সংখ্যক বর্ষপূর্তিত ‘আজাদী কা অমৃত মহোৎসৱ’

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বার্ষিকী উপলক্ষে কেন্দ্রীয় চৰকাৰৰ উদ্যোগত আয়োজিত ‘আজাদী কা অমৃত মহোৎসৱ’ৰ শুভাৰম্ভ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ‘আজাদী কা অমৃত মহোৎসৱ’ ২০২৩ বর্ষৰ ১৫ আগষ্টলৈকে চলিব বুলি প্রধানমন্ত্রী মোদীয়ে কয়৷ গৌৰৱময় ‘আজাদী কা অমৃত মহোৎসৱ’ৰ শুভাৰম্ভত প্রধানমন্ত্রীগৰাকীয়ে সৱৰমতী আশ্রমৰ পৰা ‘দাণ্ডিযাত্রা’ পতাকা জোকাৰি মুকলি কৰে৷ এই দাণ্ডিযাত্রা তথা পদযাত্রাৰ সময়ত বিভিন্ন স্থানৰ পৰা লোক সমৱেত হৈ দাণ্ডিলৈ যাব আৰু ৫ এপ্রিলত পদযাত্রাৰ সামৰণি পৰিব৷ উল্লেখ্য যে ১৯৩০ চনৰ ১২ মার্চত লোণ আইনৰ বিৰুদ্ধে ৮১ পদযাত্রীৰে মহাত্মা গান্ধীয়ে সৱৰমতী আশ্রমৰ পৰাই দাণ্ডিযাত্রা আৰম্ভ কৰিছিল৷ স্বাধীনতাৰ ৭৫সংখ্যক বার্ষিকী উপলক্ষে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ শুভাৰম্ভ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ‘স্বাধীনতা আন্দোলন আৰু স্বাধীনতা যোদ্ধাক দেশবাসীয়ে শ্রদ্ধাঞ্জলি জনোৱা কার্যসূচী ‘আজাদী কা অমৃত মহোৎসৱ’ উদ্যাপনৰ সময়ত দেশবাসীয়ে কেৱল গুৰুত্বপূর্ণ মাইলৰ খুঁটি, গুৰুত্বপূর্ণ সময়কে স্মৰণ নকৰিব৷ দেশৰ ভৱিষ্যৎ উন্নয়নৰ কাৰণে নতুন শক্তি লাভ কৰিব৷ মই বিশ্বাস কৰোঁ যে বাপুৰ আশীর্বাদত আমি ভাৰতীয়ই আমাৰ দায়িত্ব আৰু লক্ষ্যত উপনীত হ’ব পাৰিম৷’ উল্লেখ্য যে আজি পুৱা প্রধানমন্ত্রী মোদীয়ে আহমেদাবাদ বিমানবন্দৰত অৱতৰণ কৰি পোনে পোনে সৱৰমতী আশ্রমলৈ যায় আৰু মহাত্মা গান্ধীক পুষ্পাঞ্জলি অর্পণ কৰে৷ তাৰ পাছত আশ্রমৰ হূদয় কুঞ্জলৈ যায়৷ য’ত মহাত্মা গান্ধীয়ে তেওঁৰ পত্নীৰ সৈতে ১৯১৮ চনৰ পৰা ১৯৩০ চনলৈ বাস কৰিছিল৷ প্রধানমন্ত্রী মোদীয়ে ভিজিটর্ছ বুকত লিখে– ‘মহোৎসৱ আমাৰ স্বাধীনতা যোদ্ধা আৰু স্বাধীনতা আন্দোলনলৈ শ্রদ্ধাঞ্জলি৷’ তদুপৰি প্রধানমন্ত্রীগৰাকীয়্ লিখে– ‘সৱৰমতী আশ্রমলৈ আহিলে বাপুৰ অনুপ্রেৰণাত দেশ নির্মাণত মোৰ সিদ্ধান্ত শক্তিশালী হয়৷ ইয়াৰ পৰাই মহাত্মা গান্ধীয়ে আত্মনির্ভৰতা আৰু আত্মবিশ্বাসৰ বার্তা দিছিল৷’ আজিৰ এই কার্যসূচীত গুজৰাটৰ ৰাজ্যপাল আচার্য দেৱব্রত আৰু মুখ্যমন্ত্রী বিজয় ৰূপানী উপস্থিত থাকে৷
কোৱাডৰ প্রথম বৈঠকত চীনক সর্তকবাণী মোদীৰ
ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত আগ্রাসী চীনক প্রত্যাহ্বান জনাবলৈ গঠিত কোৱাডৰ আজি প্রথম বৈঠক অনুষ্ঠিত হয়৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভাষণেৰে মুকলি কৰা বৈঠকত কোৱাডৰ আন তিনি সদস্য ৰাষ্ট্র, আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্টপতি জ’ বাইডেন, অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছন আৰু জাপানৰ প্রধানমন্ত্রী যোজিহিডে ছুগাও অংশ লৈ কোৱাডৰ স্থিতি সন্দর্ভত তাৎপর্যপূর্ণ মন্তব্য কৰে৷ চীনক সতর্কবাণী দি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয়–‘আমি আমাৰ গণতান্ত্রিক প্রমূল্যৰ দ্বাৰা ঐক্যবদ্ধ হৈছোঁ আৰু সম্পূর্ণ হস্তক্ষেপ মুক্ত ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে প্রতিশ্রুতিবদ্ধ৷ চাৰি ৰাষ্ট্রৰ মঞ্চ কোৱাডৰ প্রথম ভার্চুৱেল বৈঠকত মার্কিন ৰাষ্ট্রপতি বাইডেনক ধন্যবাদ জ্ঞাপন কৰি প্রধানমন্ত্রী মোদীয়ে পুনৰ কয় যে সমগ্র বিশ্বকে এটা পৰিয়াল বুলি ভবা ভাৰতৰ পুৰাতন দর্শন ‘বসুধৈব্য কুটুম্বকম’ৰ সম্প্রসাৰণৰ ইতিবাচক দৃষ্টিভংগী মঞ্চত প্রতিফলিত হৈছে৷ আমি একেলগে অতি নিকটভাৱে কাম কৰাৰ পূর্বেই প্রমূল্যবোধ, ধর্মনিৰপেক্ষতাৰ সুস্থিৰতা আৰু সমৃদ্ধিশালী ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ধাৰণা কৰি আহিছোঁ৷’

বৈঠক মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ‘আজি আমাৰ কার্যসূচীত ভেকচিন, জয়বায়ু পৰিৱর্তন আৰু উজ্জীৱিত প্রযুক্তিক সাঙুৰি লোৱাৰ লগতে ভাৰত–প্রশান্ত মহাসগৰীয় অঞ্চলটো সন্দর্ভতো বিতং আলোচনা কৰা হ’ব৷ ভাৰত–প্রশান্ত মহাসগৰীয় অঞ্চলটোৰ সুস্থিৰতাৰ নিশ্চিতিৰ বাবে কোৱাডে এটা গুৰুত্বপূর্ণ স্তম্ভ হিচাপে সেৱা আগবঢ়াব৷’ ইপিনে, প্রধানমন্ত্রী মোদীৰ অনুৰোধমর্মে বৈঠকত ভাষণ আগবঢ়োৱা মার্কিন ৰাষ্ট্রপতি বাইডেনে কয় যে ভাৰত–প্রশান্ত মহাসগৰীয় অঞ্চলৰ সহযোগিতাৰ কাৰণে কোৱাড গুৰুত্বপূর্ণ ক্ষেত্র হ’বলৈ আগবাঢ়িছে৷ তেওঁ এইক্ষেত্রত সকলোৰে সৈতে মিলি পৰৱর্তী বর্ষত কাম কৰি যোৱাৰ আশ্বাস দিয়ে৷ ভার্চুৱেল বৈঠকত প্রধানমন্ত্রী মোদীক দেখি মার্কিন ৰাষ্ট্রপতি বাইডেনে কয়– ‘আপোনাকক দেখি মই খুব ভাল পাইছোঁ৷’ আনপিনে, অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছনে আজিৰ এই বৈঠক ভাৰত–প্রশান্ত মহাসাগৰৰ বাবে নতুন দোকমোকালি বুলি অভিহিত কৰে৷ একেই মত প্রকাশ কৰি জাপানৰ প্রধানমন্ত্রী যোজিহিডে ছুগাই কয় যে বিগত কেইবছৰমানৰ ভিতৰতে কোৱাডে নতুন গতি লাভ কৰিছে৷ আৰু ইয়ে প্রশান্ত মহাসাগৰীয় অঞ্চলক সম্পূর্ণ হস্তক্ষেপ কৰাৰ বাবে অহোপুৰুষার্থ কৰিব৷ উল্লেখ্য যে ২০০৭ চনত গঠিত কোৱাড (কোৱাড্রিলেটাৰেল ছিকিউৰিটী এক্সচেঞ্জ)ৰ বৈঠকত প্রথমবাৰৰ বাবে চাৰিওখন ৰাষ্ট্র একেলগে মিলিত হৈছে৷

You might also like