নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমানবন্দৰৰ শৌচালয়ৰ পৰা উদ্ধাৰ মৃত নৱজাতক

নিউজ ডেস্ক, ২৭ মার্চ : বিমানবন্দৰৰ শৌচালয়ত ডাষ্টবিনৰ পৰা উদ্ধাৰ নৱজাতকৰ মৃতদেহ৷ মুম্বাই বিমানবন্দৰত পৰহি নিশা ১১ বজাত এই নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ বিমানবন্দৰৰ কর্মীয়ে লগে লগে আৰক্ষীক খবৰ দিয়ে৷ ছত্রপতি শিৱাজী মহাৰাজ আন্তর্জাতিক বিমানবন্দৰৰ ২নং টার্মিনেলৰ এটা শৌচালয়ৰ ডাষ্টবিনত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷ ইতিমধ্যে এজন অজ্ঞাত পৰিচয়ৰ ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

You might also like