নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ক’ভিডে এদিনত প্ৰাণ ল’লে সৰ্বাধিক ১৭৬১গৰাকীৰ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত ভাৰতত পুনৰ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগত এদিনত দেশত ১,৭৬১গৰাকী লোকৰ মৃত্যু হৈছে। ৰাজধানী দিল্লীত ২৪০গৰাকী মৃত্যুমুখত পৰাৰ লগতে মহাৰাষ্ট্ৰত কালিৰ দিনটোত ৩৫১গৰাকীৰ মৃত্যু হয়। ভাৰতত এতিয়ালৈকে ২৪ ঘণ্টাত এয়া সৰ্বাধিক মৃত্যুৰ সংখ্যা ৰূপে বিবেচিত হৈছে। মুঠ মৃত্যুৰ সংখ্যাই চুইছেগৈ ১,৮০,৫৫০ৰ ঘৰ।

You might also like