নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মোকা’ৰ তাণ্ডৱত ম্যানমাৰত মৃতকৰ সংখ্যা ১৪৫লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২০ মে’: সামুদ্রিক ঘূর্ণি ধুমুহা ‘মোকা’ৰ তাণ্ডৱত ম্যানমাৰত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১৪৫গৰাকীলৈ বৃদ্ধি পাইছে৷ দেশখনৰ সামৰিক চৰকাৰে সদৰী কৰা অনুসৰি এই ঘূর্ণি ধুমুহাত অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা আছে৷ ঘূর্ণি ধুমুহাত প্রাণ হেৰুওৱা লোকসকলৰ অধিকসংখ্যকেই ৰহিংগ্যা মুছলমান সম্প্রদায়ৰ বুলিও চৰকাৰী সূত্রই সদৰী কৰিছে৷ উল্লেখ্য যে ম্যানমাৰৰ ৰাখাইন প্রদেশত ধুমুহা ‘মোকা’ই সৃষ্টি কৰিছিল তাণ্ডৱ৷ ইফালে, ৰাষ্ট্রসংঘৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি চলিত শতিকাত ‘মোকা’ আছিল ম্যানমাৰত খুন্দিওৱা আটাইতকৈ বিধ্বংসী ধুমুহা৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৱে সদৰী কৰা অনুসৰি এই ধুমুহাৰ ফলত ম্যানমাৰত ৮ লক্ষাধিক লোক ক্ষতিগ্রস্ত হৈছে৷ ৰাখাইন প্রদেশত ৮০ শতাংশ বাসগৃহ ‘মোকা’ই বিধ্বস্ত কৰা বুলিও ৰাষ্ট্রসংঘৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷ ইফালে বাংলাদেশৰ ছেইণ্ট মার্টিন দ্বীপত ‘মোকা’ই বিস্তৰ ক্ষতিসাধন কৰিছে যদিও ৰাষ্ট্রসংঘৰ তৰফৰ পৰা আজি কেৱল ম্যানমাৰৰ ক্ষতিৰ কথাটোহে উল্লেখ কৰিছে৷

You might also like