নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ মাজতে বিশ্বকাপক লৈ প্রস্তুতি ব’ৰ্ডৰ

নিয়মীয়া বাৰ্তা, ২০ মে’: অহা ৫ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ’ব এদিনীয়া আন্তর্জাতিক ক্রিকেট বিশ্বকাপ৷ আইপিএলৰ মাজতে এই বৃহৎ প্রতিযোগিতাখনক লৈ প্রস্তুতি আৰম্ভ কৰিছে ভাৰতীয় ব’র্ডে৷ আজি এটা ৱর্কিং গ্রুপ তৈয়াৰ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ এই গ্রুপটোৱে প্রতিযোগিতা আয়োজনৰ দায়িত্বত থাকিব৷ ব’ডৰ খবৰ অনুসৰি সভাপতি, সচিব, কোষাধ্যক্ষ আৰু ভাৰপ্রাপ্ত মুখ্য কার্যবাহীসহ যথেষ্টসংখ্যক বর্ষীয়ান বিষয়ববীয়া এই কমিটীত থাকিব৷ অহা ২৭ মে’ত আহমেদাবাদত ব’ডৰ বিশেষ সাধাৰণ সভাত এই কমিটীখন গঠন কৰা হ’ব৷ ইতিমধ্যে বিশ্বকাপৰ বাবে বিভিন্ন ৰাজ্যৰ সংস্থাসমূহলৈ ধন পঠিয়াইছে ব’র্ডে৷ সেই ধন আন্তঃগাঁথনি উন্নয়নৰ কামত ব্যৱহাৰ কৰা হ’ব৷ অধিকাংশ ষ্টেডিয়ামত দ্রুতভাৱে আন্তঃগাঁথনিৰ কাম কৰাৰ প্রয়োজন হৈছে৷ ইয়াৰ লগতে দর্শকসকলে যাতে স্বাচ্ছন্দ্যে খেল উপভোগ কৰিব পাৰে তাৰ প্রতি দৃষ্টি ৰখা হৈছে৷

উল্লেখ্য যে মহিলাসকলৰ প্রিমিয়াৰ লীগক লৈ এখন কমিটী তৈয়াৰ কৰাৰ কথা আছিল যদিও পৰৱর্তী প্রতিযোগিতা কেতিয়া হ’ব সেয়া এতিয়াও স্থিৰ হোৱা নাই৷ ব’ডৰ সূত্রৰ খবৰ অনুসৰি অহা বছৰ অষ্ট্রেলিয়াৰ মহিলা দল এই দেশলৈ আহিব৷ ইয়াৰ পাছতে মহিলাৰ প্রিমিয়াৰ লীগ অনুষ্ঠিত হ’ব৷ সম্প্রতি আঘাতত বিধ্বস্ত হৈ পৰিছে ভাৰতীয় দল৷ সেয়ে প্রতিটো ৰাজ্যিক দলত ব’ডৰ ফিজি’ আৰু ট্রেইনাৰ নিয়োগ কৰা হ’ব৷ বিচিচিআইৰ মতে এনচিএৰ স্বীকৃতিপ্রাপ্ত সহায়ক ষ্টাফক ৰাজ্যিক দলসমূহৰ সৈতে যুক্ত কৰিব লাগিব৷ তদুপৰি প্রতিটো দলৰ ক্ষেত্রত এটি নির্দিষ্ট ফিটনেছ মডিউল তৈয়াৰ কৰা হ’ব, যাতে সঘনে কোনো খেলুৱৈ আঘাতপ্রাপ্ত নহয়৷

You might also like