নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ পশ্চিম তথা দক্ষিণ ভাৰতৰ বিভিন্ন স্থানত মুষলধাৰ বৰষুণ আৰু বানত বিগত ২৪ ঘণ্টাত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ৪০গৰাকীলৈ বৃদ্ধি পাইছে৷ ইয়াৰ উপৰি বিস্তীর্ণ অঞ্চলত ক্ষতিগ্রস্ত হৈছে ধান, কপাহ তথা অন্যান্য খেতি৷ তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত মুষলধাৰ বৃষ্টিপাতে অভাৱনীয় দুর্যোগৰ সৃষ্টি কৰিছে৷
চহৰখনত যোৱা দুদিন ধৰি অব্যাহত আছে অচলাৱস্থা৷ বিভিন্ন স্থানৰ বানাক্রান্ত লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানত ৰাখিবলগীয়া হৈছে প্রশাসনে৷ ইফালে হায়দৰাবাদত দুদিন ধৰি বিদ্যুৎ ব্যৱস্থা বিকল হৈ আছে৷ তেলেংগানাত মুঠ ৩০গৰাকী লোক এই বানত মৃত্যুমুখত পৰাৰ বিপৰীতে মহাৰাষ্ট্রত প্রাণ হেৰুৱাইছে ১০গৰাকীয়ে৷