নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদিত্যক বিচাৰি বিবেকৰ ঘৰত চিচিবিৰ তালাচী

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ  চন্দালউড ড্রাগ্ছৰ গোচৰত বাংগালুৰু আৰক্ষীৰ কেন্দ্রীয় অপৰাধ শাখাই (চিচিবি) বলীউডৰ অভিনেতা বিবেক অবেৰয়ৰ ঘৰত তালাচী চলায়৷ বিবেকৰ ভনীজোঁৱাই আদিত্য আলভাৰ বিৰুদ্ধে চি চি বিয়ে ইতিমধ্যে লুকআউট জাননী জাৰি কৰিছে৷

বিবেক অবেৰয়ৰ বর্তমান মুম্বাইত থকা বাসগৃহত পূর্বতে বাস কৰিছিল আদিত্য আলভাই৷ গতিকে চি চি বিয়ে এই বাসগৃহত আজি তালাচী চলায়৷ স্মর্তব্য যে আদিত্য আলভা বর্তমান পলাতক অৱস্থাত আছে৷ সংবাদ সংস্থা আই এ এন এছৰ প্রতিবেদন অনুসৰি এই ড্রাগ্ছৰ গোচৰত দক্ষিণৰ অভিনেত্রী ৰাগিনী বিবেগীৰ বাসগৃহত চি চি বিয়ে তালাচী চলোৱাৰ পাছৰে পৰা আদিত্য আলভা পলাতক অৱস্থাত আছে৷

You might also like