নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লালকিল্লাত পতাকা উৰুওৱাৰ প্লেনিং কেতিয়া কৰিছিল? গ্ৰেপ্তাৰৰ পিছত আৰক্ষীক ক’লে দীপ সিদ্ধুৱে

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনা দিল্লীৰ লালকিল্লাত পতাকা উৰোৱাৰ অপৰাধত আজি গ্ৰেপ্তাৰ কৰা হয় দীপ সিদ্ধুক। দীপ সিদ্ধুৱে দিল্লীৰ কৃষক সমদলৰ সময়ত হোৱা হিংসাত্মক ঘটনা সম্পৰ্কে আৰক্ষীৰ আগত নিজৰ স্বীকাৰোক্তি দিয়ে।

সোধা-পোছাৰ সময়ত সিদ্ধুৱে কৃষকৰ প্ৰতি আৱেগিক হৈয়ে সমদলত অংশ লোৱা বুলি উল্লেখ কৰে। লকডাউনৰ সময়ত আৰু লকডাউনৰ পিছতো দীপ সিদ্ধুৱে কোনো কাম পোৱা নাছিল, যাৰ বাবে আগষ্টত পঞ্জাবত আৰম্ভ হোৱা কৃষক আন্দোলনৰ প্ৰতি আকৰ্ষিত হৈছিল।

অৱশ্যে তেওঁ এই বিষয়ে স্পষ্ট কৰে যে কোনো কট্টৰপন্থী সংগঠনৰে তেওঁৰ সম্পৰ্ক নাই যদিও চৰমপন্থী ধাৰাত বিশ্বাসী। কৃষক-চৰকাৰৰ আলোচনাৰ মন্থৰ গতি আৰু সমদল সংক্ৰান্তত আৰক্ষীৰ প্ৰতি কৃষক নেতাৰ নৰম স্থিতি দেখি তেওঁ আচৰিত হোৱা বুলি আৰক্ষীৰ আগত ব্যক্ত কৰে।

সিদ্ধুৱে উল্লেখ কৰা মতে, ২৮ নৱেম্বৰত তেওঁ কৃষকৰ সৈতে দিল্লীলৈ যায়। গণতন্ত্ৰ দিৱসৰ মাত্ৰ কেইদিনমান আগেয়ে তেওঁ লালকিল্লাৰ লগতে সম্ভৱ হ’লে ইণ্ডিয়া গেটলৈ যোৱাৰ আঁচনি তৈয়াৰ কৰে। সেই মতে গণৰাজ্য দিৱসৰ দিনা লালকিল্লা অভিমুখে তেওঁ ৰাওনাও হয়।

আনহাতে দীপ সিদ্ধুৱে কয় যে বৰ্তমান পলাতক হৈ থকা যুগৰাজ সিঙক লালকিল্লাত ধৰ্মীয় পতাকা উৰুৱাবৰ বাবে আনিছিল, কাৰণ পতাকা উত্তোলনৰ অভিজ্ঞতা থকা যুগৰাজে গুৰুদ্বাৰত পতাকা উৰুওৱাৰ কাম কৰিছিল। উল্লেখ্য, দীপ সিদ্ধুৱে লালকিল্লাত পতাকা উৰুওৱাৰ বিষয়ে উল্লেখ কৰিছিল ফেচবুকত।

You might also like