নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহৰ দিন ঠিক হৈ আছিল প্ৰেমিকৰঃ সহিব নোৱাৰি নামবৰ হাবিত জীৱন ত্যাগ প্ৰেমিক যুগলৰ

নিয়মীয়া বার্তা, ৯ ফেব্রুৱাৰীঃ তিতাবৰ মহকুমাৰ বৰহোলা আৰক্ষী থানা আৰু বেকাজান আৰক্ষী চকীৰ অন্তর্গত বালিজান অঞ্চলৰ এহাল যুৱক–যুৱতীয়ে প্রেমজনিত কাৰণত একলগে আত্মহত্যা কৰা ঘটনাই সমগ্র অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে৷ যুৱকজন বেকাজান নিৱাসী মনোহৰ আলীৰ পুত্র মইনুদ্দিন আলী (২৬) আৰু যুৱতীগৰাকী বালিজান ২নং ব্লক নিৱাসী বলীন নেওগৰ কন্যা দেৱযানী নেওগ (২০)৷

স্থানীয় আৰক্ষী আৰু স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে, ‘মুন্না’ নামেৰে সকলোৰে মাজত পৰিচিত মইনুদ্দিনে বালিজান চাৰিআলি নিৱাসী নিজৰ মোমায়েক ফার্নিচাৰ ব্যৱসায়ী ইকৰাম আলীৰ ঘৰত সৰুৰে পৰা আছিল আৰু বিগত কিছু বছৰৰ পৰা মোমায়েকৰ ব্যৱসায়ত সহযোগিতা কৰি আত্মসংস্থাপিত হৈছিল৷

মইনুদ্দিন আৰু মোমায়েক ইকৰাম আলীৰ ফার্নিচাৰ দোকানতে কাঠ মিস্ত্রীৰ কাম কৰা বলীন নেওগৰ কন্যা দেৱযানীয়ে পৰহি আবেলি বালিজান চাৰিআলিৰ পৰা একেখন বাইকেৰে ঘৰৰ পৰা ওলাই যায়৷ আবেলি দুয়ো নিজ নিজ পৰিয়াললৈ ম’বাইলত মেছেজ দি জানিবলৈ দিয়ে যে তেওঁলোক গোলাঘাট জিলাৰ নামবৰ হাবিত আত্মহত্যা কৰিবলৈ গৈ আছে৷

লগে লগে দুয়োটা পৰিয়ালৰ লোকে তেওঁলোকক বিচাৰি যায় আৰু নামবৰ দৈগ্রোং বন্যপ্রাণী অভয়াৰণ্যৰ মাজেদি যোৱা ৩৯নং ৰাষ্ট্রীয় ঘাইপথৰ এঠাইত ৰখাই থোৱা বাইক এখন দেখি চিনাক্ত কৰে যদিও মুন্না আৰু দেৱযানীক বিচাৰি নাপালে৷ নিশা ঘোৰ অন্ধকাৰৰ বাবে জংঘলৰ ভিতৰলৈ যোৱাটো সম্ভৱ নোহোৱাত পৰিয়ালৰ লোকে পুৱালৈ অপেক্ষা কৰিবলগীয়া হয়৷

পিছদিনা পুৱা গোলাঘাট আৰক্ষী আৰু বন বিভাগৰ সহযোগত পৰিয়ালৰ লোকে জংঘলৰ মাজত বিচাৰি মুন্না আৰু দেৱযানীক এজোপা ঔগছত একেডাল জৰীৰে চিপ লৈ আত্মহত্যা কৰি ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে৷ পাছত গোলাঘাট আৰক্ষীয়ে বিধিসন্মতভাৱে যুৱক–যুৱতীহালৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাই কালি আবেলি পৰিয়ালৰ লোকক চমজাই দিয়ে৷

অত্যন্ত অমায়িক স্বভাৱৰ আৰু পৰিশ্রমী যুৱক মুন্না আৰু বৰহোলা মহাবিদ্যালয়ৰ কলা বিভাগৰ চতুর্থ ষাণ্মাসিকৰ ছাত্রী অতি শান্ত প্রকৃতিৰ ছোৱালী দেৱযানীৰ এই আত্মহত্যাৰ ঘটনাই বালিজান, বেকাজান, বৰহোলা অঞ্চলত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে আৰু সকলোধর্মী লোকে গভীৰ শোক প্রকাশ কৰিছে৷

পৰিয়ালৰ লোকে জানিবলৈ দিছে যে এই মাহতে যোৰহাটৰ এগৰাকী যুৱতীৰ সৈতে মুন্নাৰ বিয়াৰ দিন স্থিৰ হৈ আছিল আৰু বিয়াৰ বাবে পৰিয়ালে প্রস্তুতি চলাই আছিল৷ ইপিনে স্থানীয় ৰাইজ আৰু দুয়োটা পৰিয়ালৰ লোকে জানিবলৈ দিছে যে মুন্না আৰু দেৱযানীৰ মাজত প্রেমৰ সম্পর্ক থকাৰ কথা কোনেও ঘুণাক্ষৰেও জনা নাছিল আৰু তেওঁলোকক একেলগে কেতিয়াও দেখা নাছিল৷

মুন্নাৰ মোমায়েক ইকৰাম আলীৰ ফার্নিচাৰত বিগত কেইবাবছৰ ধৰি দেৱযানীৰ পিতৃ বলীন নেওগে কাম কৰি থকাৰ সূত্রে দুয়োখন ঘৰৰ মাজত এক সহজ সম্পর্ক আছে আৰু দুয়োখন ঘৰে এই ঘটনাত অতি মর্মাহত হৈছে৷

কালি আবেলি বেকাজান কবৰস্থানত আছুতীয়াকৈ বহু লোকৰ উপস্থিতিত মুন্নাৰ জানাজা সম্পন্ন হয়৷ আনহাতে, দেৱযানীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পাছত গোলাঘাটতে সৎকাৰ কৰে৷ প্রেমজনিত কাৰণত সংঘটিত হোৱা এই দুখজনক ঘটনাৰ বাবে কোনো ধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহ’বৰ বাবে বৰহোলা আৰু বেকাজান আৰক্ষীয়ে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰে৷

You might also like