নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়া ভ্ৰমণলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃআজি ৰাছিয়ালৈ উৰা মাৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ চাংঘাই সহযোগী সংস্থাৰ এক গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত উপস্থিত হ’ব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ৷ এই তথ্য প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ শীৰ্ষ সূত্ৰই ৷

উল্লেখ্য যে চলিত বৰ্ষত এয়া ৰাজনাথ সিঙৰ দ্বিতীয়টো ৰাছিয়া ভ্ৰমণ । ইয়াৰ পূৰ্বে ৰাছিয়াৰ বিজয় দিৱসত উপস্থিত আছিল প্ৰতিৰক্ষামন্ত্ৰীগৰাকী ৷

You might also like