নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী এইম্ছৰ চিকিৎসকসহ ৩৫, গংগাৰামৰ ৩৭ চিকিৎসক নার্ছ পজিটিভ

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ ঘাতক ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে বিপজ্জনক দিশে আগবঢ়াই নিছে দেশৰ পৰিস্থিতি৷ প্রতিদিনেই আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই থকাৰ সমান্তৰালকৈ মৃতকৰ সংখ্যাও বর্ধিত হৈছে৷ বিগত চাৰি দিন ধৰি অনাকাংক্ষিত অভিলেখসহ লক্ষাধিক লোক ক’ৰোনাত আক্রান্ত হৈ আছে৷ যোৱা ২৪ ঘণ্টাত এদিনত সর্বাধিক ১,৩১,৯৬৮জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াকে লৈ দেশত আক্রান্তৰ সংখ্যা ১,৩০,৬০,৫৪২লৈ বৃদ্ধি পাইছে৷ তেনেদৰে যোৱা ২৪ ঘণ্টাত ৭৮০জন লোকৰ মৃত্যু ঘটাত দেশত মৃতকৰ সংখ্যা ১,৬৭,৬৪২লৈ বৃদ্ধি হৈছে৷ যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটা লোকৰ সংখ্যা বিগত বর্ষৰ ১৮ অক্টোবৰৰ পাছত সর্বাধিক৷

ইপিনে, প্রথম জোৱাৰৰ দৰে দ্বিতীয় জোৱাৰতো সর্বাধিক আক্রান্ত আৰু মৃত্যু ঘটিছে মহাৰাষ্ট্রত৷ মহাৰাষ্ট্রত পূর্বৰ সকলো অভিলেখ ভংগ কৰি বিগত চাৰি দিন ধৰি ৫০ হাজাৰৰোধিক লোক ক’ৰোনাত আক্রান্ত হৈ আছে৷ যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্রত আক্রান্তৰ সংখ্যা ৫৬,২৮৬জন৷ ইয়াকে লৈ আক্রান্তৰ সংখ্যা ৩২,২৯,৫৪৭লৈ বৃদ্ধি পাইছে৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত মৃত্যু ঘটিছে ৩৩৬জনৰ৷ ইয়াকে লৈ ৰাজ্যখনত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ৫৭,০২৮লৈ বৃদ্ধি পাইছে৷ আনপিনে, ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত দেশৰ ৰাজধানী দিল্লীও ক্ষতিৰ সন্মুখীন হৈছে৷ বিগত সপ্তাহ ধৰি দিল্লীত আক্রান্তৰ সংখ্যা দ্রুতগতিত বর্ধিত হৈ আছে৷ যোৱা ২৪ ঘণ্টাত চলিত বর্ষত সর্বাধিক এদিনত ৭,৪৪৩জন লোক আক্রান্ত হৈছে৷

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে উল্লিখিত তথ্য প্রকাশ কৰি কয় যে বিগত ৩০ দিন ধৰি দেশত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা দ্রুতগতিত বর্ধিত হৈ আছে৷ ৩০ দিনৰ ভিতৰত আক্রান্তৰ সংখ্যা প্রায় ১০ লাখ৷ এই সংখ্যা হৈছে মুঠ আক্রান্তৰ ৭.৫ শতাংশ৷ উল্লেখ্য যে দেশজুৰি সুস্থতাৰ হাৰ ৯১.২২ শতাংশলৈ নিম্নগামী হৈছে৷ ইয়াৰ পূর্বে দেশত সুস্থতাৰ হাৰ ৯৬ শতাংশ আছিল৷ মহাৰাষ্ট্র, দিল্লীৰ উপৰি ছত্তিশগড়, পঞ্জাব, উত্তৰ প্রদেশ, কর্ণাটক, গুজৰাট, মধ্যপ্রদেশ, তামিলনাডু, কেৰালা আৰু হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বর্ধিত হৈ আছে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ মাত্রা বর্ধিত হোৱাৰ পৰিপ্রেক্ষিততে কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ মুখ্যমন্ত্রীসকলৰ সৈতে বৈঠকত মিলিত হৈ ক’ভিড–১৯ প্রতিহত কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ পৰামর্শ আগবঢ়াইছে৷
এইমছৰ ৩৫ আৰু ছাৰ গংগাৰাম হাস্পতালৰ ৩৭ চিকিৎসক–কর্মী আক্রান্ত
ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত দেশৰ বিভিন্ন ৰাজ্যত আক্রান্তৰ ভিতৰত চিকিৎসক আৰু স্বাস্থ্যকর্মী–কর্মচাৰীও আছে৷ ইয়াৰে অধিকাংশই ক’ভিড–১৯ ভেকচিন লোৱাৰ পাছত আক্রান্ত হৈছে৷ নতুন দিল্লীৰ এইমছত ৩৫গৰাকী চিকিৎসক, নার্ছ আৰু কর্মচাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ ঠিক তেনেদৰে দিল্লীৰে ছাৰ গংগাৰাম হাস্পতালৰ প্রায় ৩৭ চিকিৎসক ক’ৰোনাত আক্রান্ত হৈছে৷ এই আক্রান্তৰ ভিতৰত জ্যেষ্ঠ–কনিষ্ঠ আৰু আৱাসিক চিকিৎসক আছে৷ ক’ভিড ভেকচিন লোৱাৰ পাছতো চিকিৎসক–নার্ছ মহামাৰী ভাইৰাছত আক্রান্ত হোৱাৰ বাতৰিয়ে শংকাৰ পৰিৱেশ সৃষ্টি কৰিছে৷ উল্লেখ্য যে দিল্লীত চিকিৎসক–কর্মী আক্রান্ত হোৱাৰ পূর্বে লক্ষ্ণৌৰ কে জি এম ইউৰ ৪০জনতকৈ অধিক চিকিৎসক ক’ভিড–১৯ত আক্রান্ত হৈছে৷
স্বাস্থ্য মন্ত্রালয়ৰ তথ্যঃ টিকাকৰণৰ পিছত দেশত মৃত্যু ১৮০ ব্যক্তিৰ
ঘাতক ক’ভিড–১৯ প্রতিহত কৰাৰ বাবে প্রদান কৰা ক’ভিড–১৯ ভেকচিনো এতিয়া নিৰাপদ নহয় বুলি দেশজুৰি এক চর্চিত বিষয়৷ ক’ভিড–১৯ ভেকচিনক লৈ ইতিমধ্যে বিভিন্ন স্তৰত সন্দেহজনক পৰিস্থিতি চলি থকাটো কাৰো অবিদিত নহয়৷ এনে সময়তে ক’ভিড–১৯ ভেকচিন লোৱাৰ পাছত ১৮০জন লোকৰ মৃত্যু ঘটা বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে তথ্য প্রকাশ কৰাটো উদ্বেগজনক৷ ক’ভিড–১৯ ভেকচিন গ্রহণ কৰাৰ পাছত লোকজনৰ দেহত পার্শ্বক্রিয়া হৈছে নে নাই, তাক লৈ সমীক্ষা চলোৱা ৰাষ্ট্রীয় এ ই এফ আই (এডভার্ছ ইভেণ্ট ফল’য়িং ইমুনাইজেচন) কমিটীৰ তথ্যৰ আধাৰত স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্যত ১৮০জন লোকৰ মৃত্যু ঘটা বুলি উল্লেখ কৰা হৈছে৷ ৰাষ্ট্রীয় এ ই এফ আই কমিটীয়ে যোৱা ৩১ মার্চত বৈঠকত দেশজুৰি ক’ভিড–১৯ ভেকচিন লোৱাৰ পাছত হোৱা পার্শ্বক্রিয়াক লৈ প্রতিবেদন প্রকাশ কৰিছিল৷ এই প্রতিবেদনত যোৱা জানুৱাৰীত আৰম্ভ হোৱা ক’ভিড–১৯ টিকাকৰণৰ প্রথম পর্যায়ৰ পৰা ২৮ মার্চলৈকে তথ্য সন্নিৱিষ্ট কৰা হৈছে৷ এ ই এফ আই কমিটীয়ে প্রকাশ কৰা মতে, ভেকচিন লোৱাৰ পাছত ৬১৭জন লোকৰ দেহত গভীৰ পার্শ্বক্রিয়া হৈছিল৷ ইয়াৰ ভিতৰত ২৯.২ শতাংশ লোকৰ মৃত্যু ঘটিছে৷ লক্ষণীয় যে ১৮০জনৰ ভিতৰত ভেকচিন লোৱাৰ তিনি দিনৰ ভিতৰত মৃত্যু ঘটা লোকৰ সংখ্যা ৭৫ শতাংশ৷ অর্থাৎ ভেকচিন লোৱাৰ তিনি দিনৰ ভিতৰতে ১২০জন লোকে প্রাণ হেৰুৱাইছে৷ ৰাষ্ট্রীয় এ ই এফ আইৰ তথ্যত প্রকাশ পোৱা মতে, যোৱা ১৬ জানুৱাৰীৰ পৰা টিকাকৰণ আৰম্ভ হোৱাৰ পাছত ২৭ জানুৱাৰীলৈকে ৯জনৰ মৃত্যু হৈছে৷ ইয়াৰ পাছত ২৬ ফেব্রুৱাৰীলৈকে ৪৬জন আৰু ১৬ মার্চলৈকে ৮৯জন লোকে প্রাণ হেৰুওৱাৰ পাছত ১৬ মার্চৰ পৰা ২৯ মার্চলৈ ৯১জনৰ মৃত্যু ঘটিছে৷ মন কৰিবলগীয়া যে ভাৰতৰ উপৰি বিশ্বৰ ভিন্ন প্রান্তত ক’ভিড–১৯ ভেকচিন লোৱাৰ পাছত কেইবাজনো লোকৰ মৃত্যু ঘটিছে৷ ২৫ নিযুত লোকক ইউৰোপীয় সংঘ আৰু গ্রেট ব্রিটেইনৰ ভেকচিন দিয়াৰ পাছত ৮৬জন লোকৰ মৃত্যু হৈছে৷

You might also like