নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপক দুই কোটি দান দিয়া ব্যৱসায়ীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পার্টী (আপ)ক শ্বেল কোম্পানীৰ জৰিয়তে দুই কোটি টকা দান দিয়া দিল্লীস্থিত এগৰাকী ব্যৱসায়ীসহ দুজনক দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷

দিল্লী আৰক্ষীৰ অর্থনৈতিক অপৰাধ গোট (ই’ডব্লিউ)–এ আজি ব্যৱসায়ী মুকেশ কুমাৰ নামৰ লোকসহ দুজনক গ্রেপ্তাৰ কৰে৷ আনজন সুধাংশু বানছাল বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷ উল্লেখ্য যে ২০১৪ চনৰ ৩১ মার্চত শ্বেল কোম্পানীৰ পৰা ডিমাণ্ড ড্রাফ্টযোগে দুই কোটি টকা আপক বৰঙণি আগবঢ়াইছিল মুকেশ কুমাৰসহ ব্যৱসায়ী দুজনে৷

গ্রেপ্তাৰ কৰা মুকেশ কুমাৰ হৈছে ধঁপাত ব্যৱসায়ী৷ আম আদমী পার্টীক শ্বেল কোম্পানীয়ে দান–বৰঙণি আগবঢ়োৱা বুলি দলটোৰে বিধায়ক তথা মন্ত্রী কপিল মিশ্রই ৰাজহুৱাভাৱে সদৰী কৰাৰ পাছত কপিল মিশ্রক আপে নিলম্বিত কৰিছিল৷ পিছলৈ কপিল মিশ্রই বিজেপিত যোগদান কৰে৷ কপিল মিশ্রই আপৰ পুঁজিত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ কৰিছিল৷

You might also like