নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ দেশত ক্ৰমাত বৃদ্ধি পাব ধৰিছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা । ৰাজধানী দিল্লীত ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯ এ । শেহতীয়াকৈ দিল্লীৰ এখন শাক-পাচলিৰ বজাৰৰ পৰা আহিছে এক ভয়ংকৰ খবৰ । আজাদপুৰ স্থিত এইখন বিশেষ পাইকাৰী বজাৰত ১১ জনকৈ ব্যৱসায়ীৰ শৰীৰত পোৱা গৈছে ক’ভিড-১৯ পজিটিভ ।
এছিয়াৰ বৃহত্তম ফল আৰু শাক-পাচলিৰ এই পাইকাৰী বজাৰত ক’ৰোনা ধৰা পৰাৰ পাচতেই এতিয়া আতংক বিৰাজ কৰিছে সকলোতে । কিদৰে ক’ৰ পৰা এই বজাৰলৈ ক’ভিড-১৯ পজিটিভ আহিল সেই সম্বন্ধে বৰ্তমানেও জানিব পৰা হোৱা নাই ।