অট্টালিকাৰ ছাদত স্কৰপিঅ’, মন হৰিলে মহিন্দ্ৰাৰ মালিকৰো…
নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰঃ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ঘৰৰ ছাদত এখন গাড়ী ৰখাক লৈ সকলো লোক কৌতূহলী হৈ উঠিছিল। গাড়ীখন ৰখা হৈছিল এটা অট্টালিকাৰ ছাদত। আটক-ধুনীয়াকৈ সজাই ৰখা স্কৰপিঅ’ গাড়ীখন আচলতে আছিল এটা পানীৰ টেংকি।
বিহাৰৰ ভাগলপুৰৰ অন্তৰস আলম নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ অট্টালিকাৰ ছাদত এইদৰে পানী টেংকিটো বনাইছিল। ব্যক্তিগৰাকীয়ে কিনা স্কৰপিঅ’ গাড়ীখনৰ স্মৃতিত এইদৰে টেংকিটো বনোৱা হৈছিল। বৰ্তমান সময়ত আলমৰ ওচৰত সেইখন গাড়ী নাই যদিও স্কৰপিঅ’ সদৃশ পানীটেংকিটোৱে দিয়ে তেওঁক আনন্দ।
এই ঘটনা ছোচিয়েল মিডিয়াযোগে প্ৰচাৰ হোৱাৰ পিছত মহিন্দ্ৰা কোম্পানীৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই লিখিলে এইদৰে- এতিয়াৰ পৰা আমাৰ কোনো উৎপাদিত সামগ্ৰীৰ যাত্ৰা তেতিয়ালৈ সমাপ্ত নহ’ব যেতিয়ালৈ কোনো গ্ৰাহকে উক্ত সামগ্ৰীৰ ডিজাইনেৰে পানীটেংকি নবনায়।
বৰ্তমান সেই অঞ্চলৰ লগতে বহু দূৰলৈকে জনপ্ৰিয় হৈছে ঘৰটো। বহু লোক স্কৰপিঅ’ পানীটেংকিটো চাবলৈ আহিছে। প্ৰতিদিনে ভিৰ কৰিছে বহু লোকে।