নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূৰত শিৱলিংগ লৈ মহাকুম্ভত স্নান ধনখড়ৰ

🔹 বিশাল আয়োজনক লৈ আদিত্যনাথক প্রশংসা উপ–ৰাষ্ট্রপতিৰ

নিউজ ডেস্ক, ৩ ফেব্রুৱাৰী : ভয়াৱহ দুর্ঘটনাৰ পিছত স্বাভাৱিক অৱস্থা ঘূৰি আহিছে মহাকুম্ভলৈ৷ পৰহি উত্তৰ প্রদেশৰ প্রয়াগৰাজলৈ গৈ সপত্নীক উপ–ৰাষ্ট্রপতি জগদীপ ধনখড়ে কুম্ভস্নান কৰিলে৷ মূৰত শিৱলিংগ লৈ গংগাত ডুব দিলে ধনখড়ে৷ অমৃত স্নান কৰাৰ পিছত মহাকুম্ভৰ বিৰাট আয়োজনৰ বাবে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথক ভূয়সী প্রশংসা কৰে ধনখড়ে৷ সংগমত স্নান কৰাৰ পিছত সংবাদ মাধ্যমৰ মুখামুখি হয় জগদীপ ধনখড়৷ মহাকুম্ভত বিপুল জনসমাগম দেখি বিস্ময় প্রকাশ কৰে উপ–ৰাষ্ট্রপতিগৰাকীয়ে৷ ধনখড়ে কয় যে কুম্ভমেলালৈ যিমান লোক আহিছে, সেয়া আমেৰিকাৰ মুঠ জনসংখ্যাৰ সমান৷ এই ঘটনাক ‘ঐতিহাসিক’ বুলি অভিহিত কৰে ধনখড়ে৷ এটা স্থানত আহি পৃথিৱীৰ পৰা ইমান লোক সমৱেত হোৱাটো নজিৰবিহীন বুলি অভিহিত কৰে ধনখড়ে৷ এনে জনসমাগম নিয়ন্ত্রণ কৰিবলৈ প্রশাসনে যি ব্যৱস্থা গ্রহণ কৰিছে, সেয়াও অসাধাৰণ বুলি মন্তব্য কৰে উপ–ৰাষ্ট্রপতিগৰাকীয়ে৷ এনে অনুষ্ঠানৰ আয়োজন ভাৰতত কৰাটো সম্ভৱ যে সেই কথা ভাবিবই পৰা নাই বুলিও মন্তব্য কৰে উপ–ৰাষ্ট্রপতিগৰাকীয়ে৷ যোগী আদিত্যনাথৰ উদ্যোগত এনে অনুষ্ঠানৰ আয়োজন হোৱা বিষয়টোত অতি মুগ্ধ বুলি সংবাদ মাধ্যমক জনায় ধনখড়ে৷ উল্লেখ্য যে যোৱা ২৯ জানুৱাৰীত মহাকুম্ভত পদপিষ্ট হৈ মৃত্যু হৈছিল ত্রিশগৰাকী লোকৰ৷ এই ঘটনাত আহত হৈছিল শতাধিক৷ ইয়াৰ মাজতে ধনখড়ে কুম্ভমেলাৰ আয়োজনক লৈ সন্তুষ্টি প্রকাশ কৰা পৰিলক্ষিত হ’ল৷

You might also like