ডিজিটেল বিবাহ বিচ্ছেদৰ অনুমতি দিল্লী আদালতৰ
নিয়মীয়া বাৰ্তা ১৮ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে লকডাউন আৰু ইয়াৰ পিছত সামাজিক দূৰত্ব বর্তাই ৰাখি অফিচ, কাছাৰী চলাই থকাৰ পৰিপ্রেক্ষিততে ডিজিটেল বিবাহ বিচ্ছেদৰ অনুমতি প্রদান কৰিলে দিল্লী পৰিয়াল আদালতে৷ উল্লেখ্য যে প্রাক্ ক’ভিড–১৯ সময়ত কোনো লোকে বিবাহ বিচ্ছেদ কৰিবলৈ হ’লে আদালতত আবেদন কৰি বছৰ বছৰ ধৰি ইয়াৰ আইনী প্রক্রিয়াৰ বাবে অপেক্ষা কৰিবলগীয়া হয়৷ কিন্তু লকডাউনৰ ফলশ্রুতিত দিল্লীত পৰিয়াল আদালতে ভিডিঅ’ কনফাৰেঞ্চযোগে দম্পতীক বিবাহ বিচ্ছেদৰ অনুমতি প্রদান কৰা প্রথমটো ঘটনা সংঘটিত হয়৷ উল্লেখ্য যে ২০১৭ চনৰ মে’ মাহত দম্পতীটোৱে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল, কিন্তু বিভিন্ন আইনী প্রক্রিয়াৰ বাবে সম্পন্ন হোৱা নাছিল৷ ইপিনে, ক’ৰোনা মহামাৰীয়ে পুনৰ এই প্রক্রিয়াত ব্যাঘাত জন্মোৱাত আদালতে ডিজিটেল ব্যৱস্থাৰে বিবাহ বিচ্ছেদ সম্পন্ন কৰে৷