নিয়মীয়া বাৰ্তা, ১৩ জুনঃ মহামাৰী ক’ভিড–১৯ৰ সময়ছোৱাত দেশজুৰি চিকিৎসক–স্বাস্থ্য কর্মীৰ ওপৰত চলোৱা আক্রমণৰ বিৰোধিতাৰে অহা ১৮ জুনত দেশজোৰা প্রতিবাদী কার্যসূচী গ্রহণ কৰিব ভাৰতীয় চিকিৎসা সংস্থাই৷ সংস্থাৰ সভাপতি ডাঃ জে এ জয়লালে প্রকাশ কৰা মতে চিকিৎসক–স্বাস্থ্য কর্মীসকলৰ ওপৰত চলি থকা আক্রমণ শীঘ্রেই চৰকাৰে বন্ধৰ লগতে চিকিৎসকৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰাৰ দাবীৰে ‘ছেভ দ্য ছেভিয়াৰ’ শীর্ষক শ্লোগানেৰে এই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিব৷
সভাপতিগৰাকীয়ে এই প্রতিবাদৰ সময়ত কোনো হাস্পতালৰ কাম–কাজত ব্যাঘাত নজন্মে বুলি স্পষ্ট কৰি দিয়ে৷ উক্তদিনা দেশৰ সকলো চিকিৎসক–স্বাস্থ্য কর্মীয়ে ক’লা বেজ, ক’লা মাস্ক আৰু ক’লা ছার্ট পিন্ধি প্রতিবাদী কার্যসূচী পালন কৰিব৷ উল্লেখ্য যে ক’ভিড ৰোগীৰ চিকিৎসাৰ সময়ত বিহাৰ, পশ্চিমবংগ, অসম, উত্তৰপ্রদেশ আৰু কর্ণাটকত ক’ভিড যুঁজৰ অগ্রনী যোদ্ধা চিকিৎসক–স্বাস্থ্য কর্মী একাংশ লোকৰ আক্রমণৰ বলি হৈছে৷