গাধৰ দেশ হৈ উঠিছে পাকিস্তান! প্ৰতি বছৰে বাঢ়িছে পশুধন, চীনলৈ কিমান ৰপ্তানি কৰে জানেনে…
বিশেষ বাৰ্তা, ১০ জুনঃ পাকিস্তানত বাঢ়িছে গাধৰ সংখ্যা। যোৱা বিত্তীয় বৰ্ষত দেশখনত গাধৰ সংখ্যা বৃদ্ধি পাই ৫৭ লাখ হৈছেগৈ। বৃহস্পতিবাৰে প্ৰকাশ পোৱা অৰ্থনৈতিক সমীক্ষা (পিইএছ) ২০২১-২২ত এই কথা চৰ্চালৈ আহিছে। তথ্য অনুসৰি যোৱা কেইবছৰমানৰ পৰা অবিৰতভাৱে গাধৰ সংখ্যা বৃদ্ধি পাইছে পাকিস্তানত। ২০১৯-২০ চনত গাধৰ সংখ্যা আছিল ৫৫ লাখ আৰু ২০২০-২১ চনত সেয়া ৫৬ লাখলৈ বৃদ্ধি পাইছে। পৰিসংখ্যাই স্পষ্ট কৰিছে যে পাকিস্তানত পশুৰ সংখ্যা বৃদ্ধি পাইছে। জিঅ’ নিউজৰ খবৰ অনুসৰি দেশখনত ৪.৩৭ কোটি ম’হ, ৩১.৯০ নিযুত ভেড়া আৰু ৩১.১৯ নিযুত ছাগলী আছে। ইয়াৰ উপৰিও পাকিস্তানত ১১ লাখ উট, ৪ লাখ ঘোঁৰা আৰু ২ লাখ খচ্চৰ আছে। তথ্য অনুসৰি ২০২১-২২ বৰ্ষত এই পশুধনবোৰে পাকিস্তানৰ জিডিপিত ১৪ শতাংশ আৰু কৃষি মূল্যত ৬১.৯ শতাংশ অৰিহণা যোগাইছে। পাকিস্তানৰ গ্ৰাম্য অঞ্চলত বাস কৰা লোকসকলৰ বাবে পশুপালন হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ জীৱিকা উপাৰ্জনৰ পথ। ৮০ লাখৰো অধিক গ্ৰাম্য পৰিয়াল পশুপালনত নিয়োজিত হৈ আছে।
পাকিস্তান চৰকাৰৰ বাবেও গাধ হ’ল উপাৰ্জনৰ উৎস। চীনলৈ বৃহৎ সংখ্যক গাধ ৰপ্তানি কৰে পাকিস্তানে। চীনত গাধৰ ছাল বহুলভাৱে ব্যৱহাৰ কৰা হয়। গাধৰ ছালৰ পৰা নিষ্কাষিত জেলেটিন ব্যৱহাৰ কৰি বহুতো দামী ঔষধ তৈয়াৰ কৰা হয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি পাকিস্তানে এটা গাধৰ ছালৰ পৰা পায় ১৮ৰ পৰা ২০ হাজাৰ টকা।