নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ গ্রামাঞ্চলত অক্ষত যৌতুক প্রথা

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ ভাৰতত যৌতুক লোৱাটো অবৈধ যদিও দেশখনত আজিও চলি আছে এই প্রথা৷ যৌতুকৰ বাবে বিয়াত কইনা পক্ষই দৰা পক্ষক ধন আদায় দিয়া ঘটনা ভাৰতৰ গ্রামাঞ্চলত পূর্বৰ দৰে চলি আছে৷ শেহতীয়াকৈ বিশ্ব বেংকৰ এক অধ্যয়নত পোৱা গৈছে এই তথ্য৷ গৱেষকসকলে ১৯৬০ৰ পৰা ২০০৮ চনলৈ গ্রামাঞ্চলত সম্পন্ন হোৱা ৪০ হাজাৰ বিবাহ উৎসৱৰ ওপৰত অধ্যয়ন চলাইছিল৷

এই অধ্যয়ন অনুসৰি ৯৫ শতাংশ বিয়াত আদায় দিয়া হৈছে যৌতুকৰ ধন৷ লক্ষণীয়ভাৱে ১৯৬১ চনৰ পৰা ভাৰতত যৌতুক লোৱাটো অবৈধ বুলি ঘোষণা কৰা হৈছিল৷ সামাজিকভাৱে যৌতুক প্রথাক নিষিদ্ধ কৰা হৈছে যদিও গ্রামাঞ্চলত আজিও পূর্বৰ দৰেই এই প্রথা চলি আছে৷ ইয়াৰ ফলত মহিলাসকল গ্রামাঞ্চলত ঘৰুৱা হিংসাৰ বলি হ’বলগীয়া হৈছে৷ আনকি যৌতুক দিবলৈ অসমর্থ বহু পৰিয়ালৰ যুৱতীক নৃশংসভাৱে হত্যা কৰা হয়৷

স্মর্তব্য যে দক্ষিণ এছিয়াত যৌতুক আদায় দিয়া আৰু গ্রহণ কৰা শতাব্দী প্রাচীন পৰম্পৰা৷ এই পৰম্পৰা অনুসৰি কইনাৰ পৰিয়ালে দৰাক নগদ ধন, বিভিন্ন সামগ্রী, যান–বাহন, অলংকাৰ আনকি ঘৰ–মাটি পর্যন্ত দিবলগীয়া হয়৷ উল্লেখনীয় যে বিশ্ব বেংকে ভাৰতৰ ১৭খন প্রদেশক লৈ চলাইছিল এই অধ্যয়ন৷ এই ১৭খন প্রদেশত আছে দেশৰ মুঠ জনসংখ্যাৰ ৯৬ শতাংশ৷ অর্থনীতিবিদ এছ অনুকৃতি, নিশিথ প্রকাশ আৰু চাংহো কাউনে উল্লেখ কৰা অনুসৰি বিয়াৰ সময়ত যৌতুক আদায় দিব নোৱৰাৰ বাবে বহু দৰাই কইনাক এৰি থৈ যোৱা ঘটনাও ভাৰতত ঘটি আছে৷

১৯৭৫ৰ পৰা ২০০০ চন পর্যন্ত যৌতুক ব্যৱস্থা অতি সুস্থিৰভাৱে ভাৰতৰ গ্রামাঞ্চলসমূহত চলি আছে৷ অতি দুখীয়া হ’লেও গ্রামাঞ্চলৰ পৰিয়ালে বিয়াৰ সময়ত নিজ কন্যাৰ বাবে দৰাৰ পৰিয়ালক কমপক্ষেও ৩২ হাজাৰ টকাৰ যৌতুক আদায় দিবলগীয়া হয়৷ ইয়াৰ বিপৰীতে দৰাৰ পৰিয়ালে কইনাক উপহাৰ হিচাপে দিয়ে গড়ে ৫ হাজাৰ টকা৷ অর্থাৎ দৰাৰ পৰিয়ালে কইনাক উপহাৰ হিচাপে দিয়া বিভিন্ন সামগ্রী আৰু ধনৰ তুলনাত কইনাৰ পৰিয়ালে সাতগুণ বেছি ধন যৌতুক হিচাপে আদায় দিবলগীয়া হয়৷ যৌতুক প্রথা বন্ধ কৰাৰ বাবে ভাৰতত কঠোৰ আইন প্রণয়ন নোহোৱাৰ বাবেই দুখীয়া লোকসকল এই ভয়াৱহ পৰম্পৰাৰ বলি হৈ থাকিবলগীয়া হৈছে৷

You might also like