নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রাগ্ছ মাফিয়াৰ সৈতে জড়িত সুশান্তৰ প্রেমিকা ৰিয়া

ইডিয়ে তথ্য দিলে চিবিআই–নার্ক’টিকছকঃ মুম্বাই আৰক্ষীৰ ৩ বিষয়াক চমন, সৌৱিকক জেৰা চিবিআইৰ

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ   সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ তদন্তত বলীউডৰ বহু গোপন তথ্য ফাদিল হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷ ড্রাগ্ছ আৰু আন নিচাযুক্ত দ্রব্যৰ প্রতি আসক্তিৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে৷ এনফ’চমেণ্ট ডাইৰেক্টৰেটে (ইডি) সুশান্তৰ প্রেমিকা ৰিয়া চক্রৱর্তীৰ হোৱাটছএপ একাউণ্টত এই সন্দর্ভত কেতবোৰ চাঞ্চল্যকৰ তথ্য উদ্ধাৰ কৰিছে৷ হোৱাটছএপ চাটিং পৰীক্ষা কৰি ইডিয়ে সন্দেহ প্রকাশ কৰিছে যে ড্রাগ্ছ মাফিয়াৰ সৈতে সম্পর্ক আছে সুশান্তৰ প্রেমিকাৰ৷ ৰিয়াৰ      ড্রাগ্ছ আসক্তি থকা বুলি সন্দেহপ্রকাশ কৰিছে ইডিয়ে৷ এই সন্দর্ভত অধিক তদন্তৰ বাবে ইডিয়ে সকলো তথ্য চি বি আইক দাখিল কৰিছে৷ অৱশ্যে চি বি আয়ে এই সন্দর্ভত নার্ক’টিকছ কন্ট্র’ল ব্যুৰ’ৰ সহায় বিচাৰিছে৷ এই স্পর্শকাতৰ দিশটোৰ পৰিপ্রেক্ষিতত এতিয়া সুশান্তৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ সৈতে নার্ক’টিকছ বিভাগো জড়িত হৈ পৰিল৷ অৱশ্যে এই সন্দর্ভত ৰিয়াৰ হোৱাটছএপ বার্তাত হোৱা বার্তালাপৰ বিষয়ে ইডি আৰু চি বি আয়ে সবিশেষ জনোৱা নাই৷ চি বি আইৰ ঘনিষ্ঠ সূত্রই প্রকাশ কৰা মতে, তদন্তৰ এই গুৰুত্বপূর্ণ পর্যায়ত ড্রাগ্ছ সম্পর্কীয় কেলেংকাৰিৰ তথ্যই ঘটনাটোক নতুন মোৰ দিছে৷ সুশান্তৰ অস্বাভাৱিক মৃত্যুৰ সৈতে ড্রাগ্ছৰো সম্পর্ক থাকিব পাৰে বুলি চি বি আইৰ দলে সন্দেহ কৰিছে৷ তদুপৰি ড্রাগ্ছ মাফিয়াৰ সৈতে ৰিয়াৰ কি পর্যায়ত সম্পর্ক গঢ় লৈ উঠিছিল, তাৰ অধিক তথ্য উদ্ঘাটনৰ বাবে তদন্ত ক্ষিপ্রতৰ কৰা হ’ব৷ স্বাভাৱিকতে প্রশ্ণ উঠিছে– ৰিয়া ড্রাগ্ছ আসক্ত নেকি? যদি সেয়ে হয়, তেন্তে সুশান্তয়ো নিচাযুক্ত দ্রব্য ব্যৱহাৰ কৰিছিল নেকি? ইতিপূর্বে সুশান্তৰ ৰান্ধনী নীৰজে প্রকাশ কৰা মতে, সুশান্তই মাজে সময়ে গাঞ্জা সেৱন কৰিছিল৷ মৃত্যুৰ কেইদিনমান পূর্বে সুশান্তৰ নির্দেশত নীৰজে চিগাৰেটত গাঞ্জা ভৰাই দিছিল৷ গাঞ্জা ভৰোৱা কেইবাটাও চিগাৰেটৰ এটা পেকেট সুশান্তক দিছিল নীৰজে৷ মৃত্যুৰ দিনা বিছনাত উক্ত পেকেটটো খালী অৱস্থাত উদ্ধাৰ কৰা হৈছিল৷ ইপিনে, ৰিয়াই সুশান্তৰ ডিপ্রেছনৰ ঔষধৰ নিজেই তদাৰক কৰিছিল৷ মাজে সময়ে চিকিৎসক–পিতৃয়ে দিয়া ঔষধ সুশান্তক খাবলৈ দিছিল ৰিয়াই৷ নিচাযুক্ত দ্রব্যও ৰিয়াই সুশান্তক দিছিল নেকি, তাক লৈ চি বি আয়ে তদন্ত কৰাৰ সম্ভাৱনা আছে৷ ইপিনে, যিকোনো সময়তে চি বি আইৰ দলে ৰিয়া চক্রৱর্তীক জেৰা কৰিব৷ আজি ৰিয়াৰ ভাতৃ সৌৱিকক কেইবাঘণ্টাজুৰি চি বি আইৰ দলে জেৰা কৰে৷ সৌৱিকক পুৱাই চি বি আইৰ দলে বাহৰ পাতি থকা ডি আৰ ডি অ’ৰ অতিথিশালালৈ মাতি অনা হয়৷ আন কেইবাজনো লোকক অতিথিশালাটোলৈ মাতি পঠিওৱা বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে৷ চি বি আইৰ দলে আন্ধেৰীৰ উপকণ্ঠৰ ৱাটাৰষ্ট’ন ৰিজ’টৰ কর্মচাৰীকো সোধা–পোছা কৰা বুলি জানিব পৰা গৈছে৷ অসুস্থ সুশান্তক ৰিয়া আৰু তেওঁৰ পৰিয়ালে প্রায় দুটা মাহ উক্ত ৰিজ’টত ৰাখিছিল৷ সংবাদ মাধ্যমৰ বাতৰি মতে, ৰিয়া আৰু তেওঁৰ পিতৃ ইন্দ্রজিতলৈ ইতিমধ্যে চমন জাৰি কৰিছে চি বি আয়ে৷
সুব্রমণিয়ন স্বামীৰ গুৰুতৰ অভিযোগ
বিজেপি সাংসদ সুব্রমণিয়ন স্বামীয়ে মুম্বাই আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ তেওঁৰ অভিযোগ মতে, মুম্বাই আৰক্ষীয়ে ইচ্ছাকৃতভাৱে সুশান্তৰ মৰণোত্তৰ পৰীক্ষাৰ প্রক্রিয়া বিলম্ব কৰিছিল৷ সুশান্তৰ পাকস্থলীত থকা বিষাক্ত পদার্থ যাতে চিনিব নোৱাৰাকৈ মিহলি হৈ যায়, তাৰ বাবেই মৰণোত্তৰ পৰীক্ষাত বিলম্ব কৰিছিল মুম্বাই আৰক্ষীয়ে৷ ইতিমধ্যে চি বি আয়ে এই সন্দর্ভত ক’পাৰ হাস্পতালত মৰণোত্তৰ পৰীক্ষাত থকা চিকিৎসক–চিকিৎসা সোধা–পোছা কৰিছে৷ এইমছৰ বিশেষজ্ঞৰ পৰাও চি বি আইৰ দলে পৰামর্শ লৈছে৷
মুম্বাইৰ দুই আৰক্ষী বিষয়াক চমন চিবিআইৰ
অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চলাই থকা চিবিআয়ে আজি মুম্বাই আৰক্ষীৰ দুজন বিষয়াক চমন জাৰি কৰিছে৷ অভিনেতা সুশান্তৰ মৃত্যুৰ গোচৰৰ সৈতে সম্পর্ক থকাৰ বাবেই পৰিদর্শক ভূষণ বেলনেকাৰ আৰু উপ–পৰিদর্শক বৈভৱ জাগটেপক চিবিআয়ে চমন জাৰি কৰিছে৷ উল্লেখ্য যে চমন জাৰি কৰা দুয়োগৰাকী আৰক্ষী বিষয়াই ক’ভিড–১৯ত আক্রান্ত হৈ ঘৰলৈ উভতি বর্তমান চিকিৎসকৰ পৰামর্শ মতে কোৱাৰেণ্টাইনত আছে৷ আনপিনে মুম্বাই আৰক্ষী সূত্রত প্রকাশ পোৱা মতে চিবিআয়ে জ্যেষ্ঠ আৰক্ষী বিষয়াকো এই হত্যাৰ গোচৰ সন্দর্ভত চমন জাৰি কৰাৰ প্রস্তুতি চলাইছে৷ উল্লেখ্য যে অভিনেতা সুশান্তৰ ৰান্ধনী নীৰজ সিংহক চিবিআয়ে ছেগাচোৰোকাকৈ পাঁচ দিন ধৰি সোধা–পোছা কৰি আছে৷ ঘৰুৱা সহায়ক কেশৱ বাছনাৰ, ৰুমৰ সহযোগী তথা ঘনিষ্ঠ বন্ধু সিদ্ধার্থ পিঠানী, চিএ সন্দীপ শ্রীধৰ আৰু হাউছ মেনেজাৰ ছেমুৱেল মিৰান্দাক আজি ছাণ্টাক্রুজৰ ডিআৰডি’ গেষ্ট হাউছত সোধা–পোছা কৰে৷

You might also like