নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰামত্ত দৰা : কইনাৰ পৰিৱর্তে তিনিজনক মাল্যার্পণ

🔹 উত্তৰ প্রদেশৰ বিবাহ অনুষ্ঠানত অথন্তৰ : চৰ শোধাই বিয়া বাতিল যুৱতীৰ

নিউজ ডেস্ক, ২৭ ফেব্রুৱাৰী : বিবাহ অনুষ্ঠানত সুৰাপান কৰা নতুন কথা নহয়৷ কিন্তু সুৰাৰ ৰাগিত দৰাই যদি কইনাক চিনি নাপায়, সেয়া ভয়ংকৰ ঘটনা৷ বাস্তৱত তেনে ঘটনা ঘটিল উত্তৰ প্রদেশত এক বিবাহ অনুষ্ঠানত৷ সুৰাৰ ৰাগিত দৰাই কইনাৰ বিপৰীতে অন্য এগৰাকী মহিলাক মালা পিন্ধাই দিলে৷ কইনাৰ কাষতে বহি থকা বান্ধৱীৰ ডিঙিত দৰাই মালা পিন্ধাই দিয়াৰ লগে লগে খঙত এই বিয়া বাতিল কৰি দিয়ে কইনাই৷ অকল সেয়াই নহয়, কইনাই মুহূর্ততে দৰা তথা দৰাৰ সৈতে অহা অতিথিসকলক শীঘ্রে আঁতৰি যোৱাৰ নির্দেশ দিলে৷ ঘটনাটো ঘটিছে উত্তৰপ্রদেশৰ বেৰেইলীৰ কিওল দিয়াত৷ শনিবাৰে বিয়া আছিল ২৬ বছৰীয়া ৰবীন্দ্র কুমাৰৰ৷ পুৱাৰে পৰা সকলো ঠিকেই আছিল যদিও নিশা ডিঙিলৈকে সুৰাপান কৰি অতিথিসকলৰ সৈতে গৈ কইনাঘৰত উপস্থিত হৈছিল দৰা ৰবীন্দ্র৷ বিবাহ মণ্ডপত দৰাৰ অৱস্থা দেখি ক্ষুব্ধ হৈ আছিল কন্যা৷ শেষত মালা পৰিৱর্তনৰ সময়ত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়৷ কইনাক চিনিব নোৱাৰি কইনাৰ বান্ধৱীকে মালা পিন্ধাই দিয়ে ৰবীন্দ্রই৷ এই ঘটনাত হুলস্থূল সৃষ্টি হোৱাৰ লগে লগে নিজৰ ভুল শুধৰাবলৈ এইবাৰ কইনাৰ ওচৰত থকা অন্য এগৰাকী ব্যক্তিৰ ডিঙিত মালা পিন্ধাই দিয়ে দৰাই৷ আকৌ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ দৰাই এইবাৰ পুনৰ ভুল শুধৰাবলৈ গৈ এগৰাকী বৃদ্ধৰ ডিঙিত পিন্ধাই দিয়ে মালা৷ এনে পৰিস্থিতিত ক্ষুব্ধ হৈ ২১ বছৰীয়া কইনা ৰাধা বার্মাই দৰাৰ দুই গালত পূর্ণহতীয়া চৰ শোধায়৷ কইনাৰ ভাতৃয়ে উল্লেখ কৰা অনুসৰি ট্রাক ড্রাইভাৰ ৰবীন্দ্রই বিয়াৰ বাবে বৃহৎ অংকৰ ধন যৌতুক হিচাপে দাবী কৰিছিল৷

You might also like