নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: দেশৰ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰি আৰু এয়াৰ চীফ মার্শ্বাল আৰ কে এছ ভাদৌৰিয়াক লৈ এখন ভাৰতীয় বায়ুসেনাৰ বিমান বৃহস্পতিবাৰে ৰাজস্থানৰ বাৰমেৰত ৰাষ্ট্রীয় ঘাইপথত জৰুৰী অৱতৰণ কৰে৷ বায়ুসেনাৰ এ চি ১৩০ জে ছুপাৰ হাৰকিউলিছ ট্রেন্সপ’ট এয়াৰ ক্রাফ্টখনে জৰুৰী অৱতৰণ কৰাৰ লগে লগে দেশৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হৈছে৷
দেশৰ ভিতৰতে প্রথম জৰুৰী অৱতৰণ ষ্ট্রিপ বনোৱা হ’ল ৰাজস্থানৰ বাৰমেৰৰ ৰাষ্ট্রীয় ঘাইপথত৷ বৃহস্পতিবাৰে কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিং আৰু নীতিন গাডকাৰিয়ে আনুষ্ঠানিকভাৱে এই ষ্ট্রিপ মুকলি কৰিছে৷
লক্ষণীয়ভাৱে ১৯ মাহৰ ভিতৰত বাৰমেৰত এই এয়াৰ ষ্ট্রিপ নির্মাণ কৰা হৈছে৷ বায়ুসেনাৰ বিমানৰ জৰুৰী অৱতৰণৰ বাবে এই ষ্ট্রিপ ব্যৱহাৰ কৰা হ’ব৷ আজি পথ পৰিবহণ মন্ত্রী গাডকাৰিয়ে কয় যে ভৱিষ্যতে এনেধৰণৰ জৰুৰী অৱতৰণৰ ষ্ট্রিপ অতি কম দিনৰ ভিতৰতে নির্মাণ কৰা হ’ব৷ গাডকাৰিয়ে নিজৰ উদ্বোধনী ভাষণত উল্লেখ কৰে যে বায়ুসেনাই এই এয়াৰ ষ্ট্রিপ নির্মাণৰ বাবে সময় লৈছে ডেৰ বছৰ৷ ভৱিষ্যতে ১৫ দিনতে এনে ষ্ট্রিপ দেশত নির্মাণ কৰি তোলা হ’ব বুলি মন্ত্রীগৰাকীয়ে এয়াৰ চীফ মার্শ্বালক প্রতিশ্রুতিও দিছে৷
লক্ষণীয়ভাৱে বৃহস্পতিবাৰে এই হাৰকিউলিছ বিমানখনত দেশৰ চীফ অৱ ডিফেঞ্চ ষ্টাফ বিপিন ৰাৱাটো সহযাত্রী হিচাপে মন্ত্রী দুগৰাকীৰ লগত গৈছিল৷ ৰাজনাথ সিঙে এই এয়াৰ ষ্ট্রিপক নতুন ভাৰতৰ নতুন শক্তি বুলি অভিহিত কৰে৷ এনেধৰণৰ জৰুৰী বিমান অৱতৰণৰ ষ্ট্রিপে দেশৰ পশ্চিম সীমান্তত আন্তঃগাঁথনিৰ বুনিয়াদ শক্তিশালী কৰিব বুলিও প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷
অকল সেয়াই নহয়, বায়ুসেনাৰ বিমানৰ জৰুৰী অৱতৰণৰ এনে ষ্ট্রিপে দেশৰ নিৰাপত্তাকো সুদৃঢ় কৰিব বুলি মন্তব্য কৰিছে মন্ত্রীগৰাকীয়ে৷ এইক্ষেত্রত মন্ত্রীগৰাকীয়ে ভাৰতীয় বায়ুসেনাক ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ আৰু ব্যক্তিগত খণ্ডৰ নির্মাণ সংস্থাসমূহক অভিনন্দনো জ্ঞাপন কৰে৷ ক’ভিড–১৯ মহামাৰীৰ মাজতে জৰুৰী বিমান অৱতৰণ ষ্ট্রিপ নির্মাণ কৰি উলিয়াবলৈ সক্ষম হোৱাটো প্রশংসাৰ কথা বুলি উল্লেখ কৰে দুয়োগৰাকী মন্ত্রীয়ে৷ লক্ষণীয়ভাৱে দেশৰ বিভিন্ন বিভাগৰ সহযোগিতাৰ এয়া এক নিদর্শন বুলিও মন্ত্রী দুগৰাকীয়ে সন্তুষ্টি প্রকাশ কৰে৷