নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানী শাসনঃ আফগানিস্তানত নিষিদ্ধ মহিলা ক্রিকেট; অস্বস্তিত আইচিচি

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: আফগানিস্তানত মহিলাৰ বাবে ক্রিকেটকে ধৰি সকলো খেল নিষিদ্ধ কৰিছে তালিবানে৷ খেলত অংশ ল’লে মহিলাসকলৰ শৰীৰ প্রদর্শিত হয় বুলি আপত্তি দর্শাই তালিবান চৰকাৰে বৃহস্পতিবাৰে দেশখনত মহিলাৰ বাবে সকলোধৰণৰ খেল বন্ধ কৰিছে৷

যোৱা মাহত আফগানিস্তানৰ শাসনভাৰ গ্রহণ কৰা তালিবান চৰকাৰৰ সাংস্কৃতিক আয়োগৰ মুৰব্বী আহমাদুল্লাহ ৱাছিকে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত কয় যে মহিলাসকলে ক্রিকেটত অংশ লোৱাটো প্রয়োজনীয় নহয়৷ ক্রিকেটত মহিলাসকলে তেওঁলোকৰ মুখমণ্ডল আৰু শৰীৰৰ বিভিন্ন অংগ ঢ়াকি ৰাখিব নোৱাৰে৷ ইছলাম ধর্মই মহিলাসকলক কেতিয়াও এই ৰূপত চাব নিবিচাৰে৷

উল্লেখ্য যে পুৰুষৰ ক্রিকেটত উল্লেখনীয় সাফল্য অর্জনৰ পিছত আফগানিস্তান ক্রিকেট ব’র্ডে মহিলা ক্রিকেটতো বিশেষভাৱে মনোনিৱেশ কৰিছিল৷ ২০২০ৰ নৱেম্বৰত ২৫গৰাকী মহিলা ক্রিকেটাৰক ব’র্ডে বার্ষিক কেন্দ্রীয় চুক্তিত অন্তর্ভুক্ত কৰিছিল৷ কাবুলত শেহতীয়াকৈ আফগানিস্তান ক্রিকেট ব’র্ডে ৪০গৰাকী মহিলা ক্রিকেটাৰক লৈ ২১ দিনীয়া এটা শিবিৰৰো আয়োজন কৰিছিল৷

ইফালে, আফগানিস্তানত তালিবানে মহিলা ক্রিকেট নিষিদ্ধ কৰাত অস্বস্তিত পৰিছে আই চি চি৷ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৰ নিয়ম অনুসৰি, আই চি চিৰ আটাইকেইখন পূর্ণাংগ সদস্য ৰাষ্ট্রৰ পুৰুষ দলৰ সমান্তৰালকৈ মহিলা দলো থকাটো বাঞ্ছনীয়৷ অন্যথা কোনো সদস্য ৰাষ্ট্রই টেষ্ট মেচ খেলাৰ যোগ্যতা অর্জন নকৰে৷

আনহাতে, আফগানিস্তানত মহিলা ক্রিকেট নিষিদ্ধ হ’লে ক্রিকেট অষ্ট্রেলিয়াই হ’বার্টত আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া একমাত্র টেষ্টৰ পৰা নাম প্রত্যাহাৰ কৰিব বুলি ভাবুকি দিছে৷ অৱশ্যে ক্রিকেট বিশ্বৰ এই আপত্তি সত্ত্বেও তালিবানে দেশখনৰ মহিলা ক্রিকেটাৰক কোনো খেলত অংশ ল’বলৈ নিদিয়ে বুলি স্পষ্ট কৰিছে৷ তালিবান চৰকাৰৰ হৈ বৃহস্পতিবাৰে আহমাদুল্লাহ ৱাছিকে কয় যে ইছলামিক মূল্যবোধ ৰক্ষাৰ বাবে তেওঁলোকে কোনো ক্ষেত্রত আপোচ নকৰে৷

উল্লেখ্য যে অহা ২৭ নৱেম্বৰৰ পৰা হ’বার্টত অষ্ট্রেলিয়া আৰু আফগানিস্তানৰ মাজত ঐতিহাসিক টেষ্ট মেচ অনুষ্ঠিত হোৱাৰ কথা আছে৷

You might also like