নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডত ঘৰচীয়া মেকুৰীৰ দেহত ক’ভিড–১৯ পজিটিভ

নিয়মীয়া বাৰ্তা  ২৯ জুলাইঃ ক’ৰোনা কেৱল মানৱ দেহত বিয়পিছে এনে নহয়। ইংলেণ্ডত মহামাৰী ক’ভিড–১৯এ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছত ঘৰচীয়া মেকুৰীৰ দেহত ক’ৰোনা পজিটিভ নিশ্চিত হোৱাত চৰকাৰ উদ্বিগ্ণ হৈছে৷ ব্রিটিছ পৰিৱেশ মন্ত্রালয়ে প্রকাশ কৰা মতে ঘৰচীয়া মেকুৰী এটা ক’ভিড–১৯ত আক্রান্ত হোৱাটো নিশ্চিত হৈছে৷ মেকুৰীটো পোহা ঘৰৰ মালিকৰ দেহত ক’ভিড–১৯ প’জিটিভ হোৱাৰ বাবেই এই সংক্রমণ মেকুৰীটোলৈ আহিছে৷ সম্প্রতি মেকুৰীটো আৰু মেকুৰীটো পোহা ঘৰৰ মালিক ক’ভিড–১৯ৰ পৰা মুক্ত হৈছে৷ ইংলেণ্ডৰ জনস্বাস্থ্যৰ চিকিৎসা সঞ্চালক ৱাই ডয়লে প্রকাশ কৰা মতে গ্রেট ব্রিটেইনত ঘৰচীয়া মেকুৰী আক্রান্ত হোৱা প্রথম ঘটনা৷ ইয়ে বিপদ সংকেত ঘনীভূত নকৰা বুলি ক’ব নোৱাৰি৷

You might also like