নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নহয় তৃতীয় যুদ্ধ! ইউক্ৰেইনক লৈ নতুন অংক

বিশেষ বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ ইউক্রেইন সংকট আঁতৰ হ’ব নেকি? ৰাছিয়া আৰু ফ্রান্সে শেহতীয়াকৈ যুদ্ধবিৰতিত সম্মত হোৱাৰ পাছত এই সম্ভাৱনাৰ কথাই উঠিছে। জনা মতে, দেওবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু ফ্রান্সৰ ৰাষ্ট্ৰপতি ইমানুয়েল মেক্ৰনে প্রায় দুঘণ্টা টেলিফোনযোগে কথা পাতিছে। উদ্ভুত পৰিস্থিতিৰ কূটনৈতিক সমাধানৰ বাবে প্রয়োজনীয় পদক্ষেপ ল’বলৈ সম্মত হৈছে তেওঁলোক। মেক্ৰনৰ কাৰ্যালয়ৰ পৰা জনোৱা হৈছে যে পুটিনে বেলাৰুছৰ পৰা সেনা প্রত্যাহাৰৰ ক্ষেত্ৰত সেউজ সংকেত দিছে।

আন পিনে ইউক্রেইন সন্দৰ্ভত আলোচনাৰ বাবে মিলিত হ’ব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। আমেৰিকাৰ এটি ট’ক শ্ব’ত এই বুলিয়ে জনাইছে ছেক্রেটাৰী অৱ স্টেটছ এন্টনী ব্লিংকেনে।পূর্বেও ইউক্রেইনৰ চৰকাৰীপক্ষ আৰু ৰাছিয়াপন্থী বিচ্ছিন্নতাবাদীৰ সংঘর্ষ অব্যাহত আছিল। এইবাৰ উদ্ভৱ হোৱা পৰিস্থিতিত মিনস্ক প্রটকল বাস্তৱিত কৰিবলৈ ৰাছিয়া, ইউক্রেইন, ফ্রান্স তথা জার্মানীৰ মাজত আলোচনা হোৱা উচিত। এই কথাত সম্মত হৈছে পুটিন আৰু মেক্ৰন। এই প্রটকলৰ জৰিয়তে ২০১৪ চনত ইউক্রেইনৰ যুদ্ধবিৰতিত সম্মত হৈছিল। আনহাতে, হোৱাইট হাউছৰ পৰা জনোৱা হৈছে ইউক্রেইন সংকট প্রশমনৰ বাবে যথেষ্ট আগ্ৰহী বাইডেন।

You might also like