নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলিয়েনৰ ফেডাৰেচনেৰে ট্রাম্পৰ চুক্তি!

ইজৰাইলৰ প্রাক্তন মহাকাশ নিৰাপত্তা মুৰব্বীৰ দাবী

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ  এই বিশ্ব ব্রহ্মাণ্ডত এলিয়েনৰ অস্তিত্ব থকাটো সঁচা৷ এই এলিয়েন সন্দর্ভত সবিশেষ জ্ঞাত আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ শেহতীয়াকৈ ইজৰাইলৰ প্রাক্তন মহাকাশ নিৰাপত্তা মুৰব্বী হাইম এছেডে এই দাবী কৰিছে৷ ৮৭ বছৰীয়া এছেডে উল্লেখ কৰা অনুসৰি আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে এলিয়েনৰ উপস্থিতিৰ কথা জানে৷ এলিয়েনে নিজৰ উপস্থিতি এতিয়াও গোপন কৰি ৰখাৰ কাৰণ হৈছে মানৱ জাতিয়ে তেওঁলোকক গ্রহণ কৰিবলৈ সাজু হোৱা নাই৷ ইজৰাইলৰ য়েডিয়ট আহোৰ’নট সংবাদ পত্রৰ সৈতে হোৱা সাক্ষাৎকাৰত এছেডে উল্লেখ কৰিছে যে এলিয়েনৰ ‘গেলেক্টিক ফেডাৰেচন’ৰ সৈতে আমেৰিকাৰ এক চুক্তিও স্বাক্ষৰ হৈছে৷ এছেডৰ এই দাবীক বিভিন্ন মহলে গুৰুত্ব প্রদান কৰিছে৷ কাৰণ এছেড আছিল প্রায় ৩ দশক ধৰি ইজৰাইলৰ মহাকাশ নিৰাপত্তা কার্যসূচীৰ মুৰব্বী৷ ইজৰাইলী দৈনিক পত্রিকা ‘জেৰুজালেম পোষ্ট’এ এছেডৰ বক্তব্যৰ উদ্ধৃতি দি কৈছে যে এলিয়েন আৰু আমেৰিকা চৰকাৰৰ চুক্তি অনুসৰি এলিয়েনসকলে মহাবিশ্বৰ গঠন প্রক্রিয়া সন্দর্ভত গৱেষণা কৰিবলৈ তথা তাক বুজিবলৈ আগ্রহী৷ আশ্বর্যকৰ কথাটো হৈছে মঙল গ্রহৰ এক গোপন ঘাটীত ট্রাম্প চৰকাৰ আৰু এলিয়েনৰ গেলেক্টিক ফেডাৰেচনৰ মাজত চুক্তি স্বাক্ষৰ হোৱা বুলি দাবী কৰিছে এছেডে৷

You might also like