নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আয়ুৰ্বেদিকৰে হেৰোৱা দৃষ্টিশক্তি ওভোতাই পালে কেনিয়াৰ ৰ’জমেৰীয়ে, প্ৰাক্তন প্ৰধানমন্ত্ৰী দুহিতা

বিশেষ বাৰ্তা, ২১ এপ্ৰিলঃ গুজৰাটৰ জাম নগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত পৰম্পৰাগত দৰবৰ গোলকীয় কেন্দ্ৰ মুকলি হোৱাৰ সময়তে কেনিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাইলা অ’ডিংগাৰ দুহিতাই আয়ুৰ্বেদিক চিকিৎসা ভাৰতৰ পৰা নিজ দেশলৈ লৈ যোৱাৰ সংকল্প লৈছে। অ’ডিংগাৰ দুহিতা ৰ’জমেৰীয়ে ২০১৯ চনৰ পৰা ভাৰতত আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰি হেৰাই যোৱা দৃষ্টিশক্তি ঘূৰাই পাবলৈ সক্ষম হৈছে। গতিকে এই পৰম্পৰাগত আয়ুৰ্বেদিক চিকিৎসাই কেনিয়াত বহু লোকক উপকৃত কৰিব বুলিও উল্লেখ কৰিছে ৰ’জমেৰীয়ে।

You might also like