নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ আজিৰে পৰা ২২ এপ্ৰিললৈ নতুন দিল্লীত আৰম্ভ হ’ব সেনা কমাণ্ডাৰ সন্মিলন(Army Commanders Conference)। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অহা ২১ এপ্ৰিলত সন্মিলনখন সম্বোধন কৰিব। এই সময়ছোৱাত তেওঁ জ্যেষ্ঠ কমাণ্ডাৰসকলৰ সৈতেও কথা পাতিব। পাঁচ দিনধৰি অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনখন ভাৰতীয় সেনাৰ জ্যেষ্ঠ নেতৃত্বৰ বাবে এক আনুষ্ঠানিক মঞ্চ।
বছৰত দুবাৰকৈ অনুষ্ঠিত হয় এই সন্মিলন…
উল্লেখনীয় যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ ফলত সমগ্ৰ বিশ্বৰ পৰিস্থিতিৰ বিষয়েও এই সন্মিলনত আলোচনা কৰা হ’ব। শীৰ্ষ সেনা কমাণ্ডাৰসকলে চীন আৰু পাকিস্তানৰ সৈতে সীমান্তত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰত্যাহ্বানৰ বিষয়েও আলোচনা কৰিব। এই সন্মিলন প্ৰতি বছৰে দুবাৰকৈ অনুষ্ঠিত হয়। এই সন্মিলন এবাৰ এপ্ৰিলত আৰু দ্বিতীয়বাৰ অক্টোবৰত অনুষ্ঠিত হয়।
উল্লেখ্য যে জেনেৰেল নাৰাভানেৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া সেনা কমাণ্ডাৰসকলৰ এইখন অন্তিম সন্মিলন। কিয়নো জেনেৰেল নাৰাভানেৰ কাৰ্যকাল এই মাহৰ শেষৰ ফালে অন্ত পৰিব।