নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য পূৰণত ব্যর্থ, কর্মীক আঁঠুকঢ়াই পাশৱিক আতিশয্য !

🔹 মজিয়া চেলেকিবলৈও বাধ্য কৰালে কর্মীক

🔹 ঘটনাৰ ভিডিঅ’ক লৈ উত্তেজনা

নিউজ ডেস্ক, ৭ এপ্রিল : বছৰত যি কামৰ লক্ষ্য লোৱা হৈছিল, সেয়া পূৰণ কৰাৰ ক্ষেত্রত ব্যর্থ হোৱা বাবে কর্মীসকলক অকথ্য নির্যাতন চলোৱা হ’ল কেৰালাত৷ মজিয়াত আঁঠুকাঢ়ি চলিবলৈ দিয়া হ’ল কর্মীসকলক৷ অকল সেয়াই নহয়, মজিয়া চেলেকিবলৈও বাধ্য কৰালে কর্মীসকলক৷ এই শিহৰণকাৰী অভিযোগ উঠিছে কেৰালাৰ এটা সংস্থাৰ বিৰুদ্ধে৷ এই ঘটনাটো পোহৰলৈ অহাৰ লগে লগে ৰাজ্যখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ৰাজ্যখনৰ শ্রমমন্ত্রী ভি শিৱানকুট্টীয়ে মন্তব্য কৰিছে যে এয়া যদি সঁচা, তেন্তে ভয়াৱহ অন্যায় হৈছে৷ কেৰালাৰ দৰে ৰাজ্যত এনেধৰণৰ কার্যক কেতিয়াও মানি লোৱা নহ’ব বুলিও মন্ত্রীগৰাকীয়ে হুংকাৰ দিছে৷ কর্মক্ষেত্রত কর্মীসকলক আতিশয্য চলোৱাটো কোনো কাৰণতে মানি লোৱা নহয় বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে৷ ইফালে, এর্নাকুলামৰ শ্রম বিভাগৰ কার্যালয়ৰ পৰা বিষয়টোক লৈ তদন্ত চলোৱাৰ নির্দেশ দিয়া হৈছে৷ এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে দক্ষিণৰ ৰাজ্যখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ভিডিঅ’টো শ্রম বিভাগ আৰু আৰক্ষীৰ ওচৰলৈ প্রেৰণ কৰাৰ পিছতে আৰম্ভ হৈছে তদন্ত৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, পেৰুম্বাভুৰৰ এটা মার্কেটিং সংস্থাৰ বিৰুদ্ধে কর্মীসকলৰ সৈতে অমানৱীয় আচৰণৰ অভিযোগ উঠিছে৷ কিন্তু সংস্থাটোৰ তৰফৰ পৰা দাবী কৰা হৈছে- এনেধৰণৰ কোনো ঘটনা ঘটা নাই৷ সংস্থাৰ কেইবাগৰাকীও কর্মীৰ সৈতে বার্তালাপ কৰাৰ পিছত আৰক্ষীয়ে জানিব পাৰিছে যে ঘটনাটো বহু পূর্বৰ৷ সংস্থাৰ প্রাক্তন মেনেজাৰৰ বিৰুদ্ধে অভিযোগ তুলিছে কর্মীসকলে৷ পূর্বৰ যদিও শেহতীয়াকৈ পোহৰলৈ আহিছে ভিডিঅ’টো৷ কিন্তু চৰকাৰে বিষয়টোক সহজভাৱে লোৱা নাই৷ ইতিমধ্যে এগৰাকী অধিবক্তাৰ ভিত্তিত মানৱ অধিকাৰ আয়োগত এই ঘটনা সন্দর্ভত গোচৰ ৰুজু কৰা হৈছে৷ মন্ত্রী শিৱানকুট্টীয়ে সংবাদ মাধ্যমক জনাইছে যে কোনো কর্মীয়ে কামৰ লক্ষ্য পূৰণ কৰিব নোৱাৰিলেই এনে পাশৱিক আতিশয্য তেওঁলোকৰ ওপৰত চলোৱাৰ অনুমতি দিব নোৱাৰি৷

You might also like