নিউজ ডেস্ক, ৩ নৱেম্বৰ : দিল্লীত এখন বিয়া সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে। বিয়াৰ বাবে যো–জা চলাই থকাৰ মাজতে দৰাৰ উপার্জনক লৈ কইনাপক্ষৰে হোৱা সংঘাতে বিবাহ ভঙালৈ ৰূপান্তৰিত হয়৷ চৰ্চা মতে, এটা মেট্রিমনিয়েল ৱেবছাইটত আলাপ হৈছিল তৰুণ–তৰুণীৰ৷ দুয়ো বিবাহ বিচ্ছেদিত৷ নতুন সংসাৰ পাতিবলৈ উৎসাহী হৈছিল তৰুণী৷ তৰুণীয়ে যুৱকজনৰ প্রফাইল চোৱাৰ পিছতে আৰম্ভ হয় হুলস্থূল৷ নিজৰ প্রফাইলত বার্ষিক উপার্জন ৩ লাখ টকা বুলি উল্লেখ কৰা যুৱকজনে তৰুণীৰে বার্তালাপত তেওঁৰ বার্ষিক উপার্জন ৩০ লাখ বুলি কৈছিল৷ ইয়াকে লৈ উভয়পক্ষৰ মাজত আৰম্ভ হয় কাজিয়া৷ পূর্বে ছফ্টৱেৰ ইঞ্জিনীয়াৰৰ পেছাত নিয়োজিত বুলি ঘোষণা কৰা যুৱকজনে শেহতীয়াকৈ অধিবক্তাৰ কাম কৰি থকা বুলি দাবী কৰিছে৷ কিন্তু উপার্জন ইমান কম বুলি তৰুণী আৰু তেওঁৰ পৰিয়ালে জনাৰ পিছতে আৰম্ভ হয় কাজিয়া৷ আনকি যুৱকজনক বিভিন্ন ধৰণৰ ভাবুকিও দিছে তৰুণীৰ পৰিয়ালে৷ বর্তমান বিয়াৰ পৰিৱর্তে দুইপক্ষৰ মাজত চলি আছে দুর্বাদল কাজিয়া৷