নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমি পিছুৱাবলৈ সাজু, কংগ্ৰেছৰ পৰা বিচ্ছিন্ন হ’ব গান্ধী পৰিয়াল!

বিশেষ বাৰ্তা, ১৪ মাৰ্চঃ যদি আপোনালোকে অনুভৱ কৰে যে আমাৰ নেতৃত্বত একাগ্ৰতা-সুস্থিৰতাৰ অভাৱ তেন্তে ৰাহুল, প্ৰিয়ংকা আৰু মই, আমি তিনিও পিছুৱাবলৈ সাজু। আমাৰ একো আপত্তি নাই। কংগ্ৰেছৰ কাৰ্যকৰী কমিটীৰ আগত এনেদৰেই প্ৰস্তাৱ দিছে ছোনিয়া গান্ধীয়ে। পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত কালি অনুষ্ঠিত কংগ্ৰেছৰ বৈঠকত এনেদৰেই নিজৰ অসহায়তা প্ৰকাশ কৰে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে। কিন্তু তেওঁৰ এই প্ৰস্তাৱে বৈঠকত উপস্থিত সকলোকে আচৰিত কৰে। লগে লগেই সকলো নেতাই ‘নালাগে, নালাগে’ বুলি এই সিদ্ধান্তত অসন্মতি ব্যক্ত কৰে। আনকি গুলাম নবী আজাদকে ধৰি আন বিসম্বাদী নেতায়ো ‘নালাগে’ বুলিয়ে কয়। বৈঠকৰ আগতে দলীয় কাৰ্যালয়ৰ সন্মুখত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোট, কৰ্ণাটকৰ কংগ্ৰেছ অধ্যক্ষ ডি কে শিবকুমাৰকে ধৰি কেইবাজনো নেতাই ৰাহুল গান্ধীক শীৰ্ষ পদবী পুনৰ গ্ৰহণ কৰিবলৈ দাবী জনায়।

You might also like