নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ কৃষকৰ কল্যাণ আৰু এম এছ পি প্রক্রিয়াক প্রাধান্য দিয়া সাধাৰণ বাজেট ২০২১–২২ বর্ষত কৃষি আৰু কৃষকসকলৰ কল্যাণৰ হকে কেইবাটাও গুৰুত্বপূর্ণ ঘোষণা কৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত কৃষক সংগঠনসমূহে চলাই থকা প্রতিবাদৰ মাজতে আজি কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে দাখিল কৰা বাজেটত এম এছ পি (নূ্যনতম সমর্থন মূল্য) ডেৰ গুণ বৃদ্ধি কৰা বুলি উল্লেখ কৰে৷ কৃষকৰ শস্য চৰকাৰে এম এছ পিৰ জৰিয়তে ক্রয় কৰা প্রক্রিয়া বাহাল ৰখাৰ লগতে অতি কমেও সকলো উৎপাদিত সামগ্রীৰ উৎপাদন ব্যয়ৰ গুণ বৃদ্ধি কৰা হ’ব বুলি বাজেটত ঘোষণা কৰা হয়৷ এম এছ পি বৃদ্ধি কৰাৰ লগতে কৃষকৰ ঋণ ১৬.৫ লাখ কোটিলৈ বৃদ্ধি কৰে৷ আনপিনে, স্বামীত্ব আঁচনি সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত ৰাজ্যলৈ সম্প্রসাৰণৰো ঘোষণা কৰে বিত্তমন্ত্রীগৰাকীয়ে৷ গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি ৩০,০০০ কোটিৰ পৰা ৪০,০০০ কোটিলৈ বৃদ্ধি কৰে৷
তেনেদৰে ক্ষুদ্র জলসিঞ্চন পুঁজি ১০,০০০ কোটিলৈ বৃদ্ধি কৰে৷ অপাৰেচন গ্রীন আঁচনিৰ অধীনত ২২ উৎপাদিত সামগ্রী অন্তর্ভুক্ত কৰা হ’ব৷ কৃষি আৰু ইয়াৰ লগত সংযুক্ত সামগ্রীসমূহৰ মূল্য উজ্জীৱিত কৰাৰ লক্ষ্যৰে অপাৰেচন গ্রীন স্কীমত নতুনকৈ ২২ সামগ্রী অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় চৰকাৰে৷ বাজেটত উল্লেখ কৰা মতে, ১,০০০তকৈ অধিক মাণ্ডিক উন্নীত কৰাৰ লগতে ডিজিটেলেৰে সংযুক্ত কৰা হ’ব৷ মৎস্য পালনৰ ক্ষেত্রত পাঁচ প্রধান মৎস্য পালনৰ অঞ্চল কোচি, চেন্নাই, বিশাখাপট্টনম, পাৰাদ্বীপ আৰু পেটুৱাঘাটক অর্থনৈতিক কার্যকলাপৰ হাব হিচাপে উন্নীত কৰা হ’ব৷ তামিলনাডুৰ চিৱিড খেতি উজ্জীৱিত কৰাৰ বাবে বহুমুখী চিৱিড পার্ক নির্মাণ কৰা হ’ব৷ তাৎপর্যপূর্ণ যে কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা চৰকাৰখনে কৃষিখণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে পেট্র’ল আৰু ডিজেলত কৃষি আন্তঃগাঁথনি উন্নয়ন উপকৰ আৰোপৰ প্রস্তাৱ বাজেটত উল্লেখ কৰিছে৷ সেইমর্মে প্রতিলিটাৰ পেট্র’লত ২.৫০ টকা আৰু প্রতিলিটাৰ ডিজেলত ৪ টকা কৃষি উপকৰ আৰোপ কৰা হ’ব৷