নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ: ২০২৩ চনৰ ভিতৰত দেশৰ কৃষকৰ উপার্জন দুগুণ কৰাৰ প্রতিশ্রুতি দিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ২০২০ চনত প্রধানমন্ত্রী মোদীয়ে এই প্রতিশ্রুতি দিছিল যদিও কৃষকসকলৰ দুর্দশা পূর্বৰ তুলনাত অধিক বৃদ্ধি পাইছে৷ ২০২১ চনৰ চৰকাৰী পৰিসংখ্যা অনুসৰি, দেশত প্রতিদিনে ১৫জন কৃষকে আত্মহত্যা কৰিছে৷ কৃষি ক্ষেত্রত আত্মহত্যাৰ সংখ্যাৰ সৈতে আত্মঘাতী কৃষি শ্রমিকৰ সংখ্যাও বৃদ্ধি পাইছে৷ কৃষকৰ উপৰি ২০২১ চনত ভাৰতত প্রতিদিনে গড়ে ১৫জনকৈ কৃষি শ্রমিকেও আত্মহত্যা কৰা বুলি তথ্য প্রকাশ পোৱাৰ লগে লগেই দেশজুৰি সৃষ্টি হৈছে হাহাকাৰ৷
অমিত শ্বাহৰ গৃহ মন্ত্রালয়ৰ অধীনৰ ‘নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’’ (এনচিআৰবি)ৰ অপৰাধৰ বার্ষিক পৰিসংখ্যা সম্পর্কীয় প্রতিবেদনত উল্লেখ কৰা হৈছে কৃষক আৰু কৃষি ক্ষেত্রত নিয়োজিত শ্রমিকসকলৰ এই আত্মহত্যাৰ তথ্য৷ দেশত যোৱা বছৰত মুঠ আত্মহত্যাৰ পৰিসংখ্যাৰ ৭ শতাংশতকৈও বেছি কৃষক আৰু কৃষি ক্ষেত্রত নিয়োজিত শ্রমিকৰ আত্মহত্যাৰ সংখ্যা৷