নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি কৃষি আইন বাতিলৰ দাবীত অটল কৃষক সংগঠন

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ বিতর্কিত তিনি কৃষি আইন বাতিলক লৈ অটল কৃষক সংগঠন৷ কেন্দ্রীয় চৰকাৰে তিনি কৃষি আইন ডেৰ বছৰৰ বাবে ৰূপায়ণ নকৰাৰ প্রস্তাৱক নস্যাৎ কৰি প্রতিবাদী কৃষক সংগঠনসমূহে তিনি কৃষি আইন বাতিলৰ দাবীত অটল থকাৰ ফলত শুকুৰবাৰে অনুষ্ঠিত একাদশলানি আলোচনাও বিফল হয়৷

কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰৰ নেতৃত্বত কৃষক সংগঠনৰ প্রতিনিধিৰ সৈতে নতুন দিল্লীৰ বিজ্ঞান ভৱনত হোৱা আলোচনাত কোনো ফলপ্রসূ সিদ্ধান্ত নোলাল৷ পূর্বতে অনুষ্ঠিত হৈ যোৱা দহখন আলোচনা বৈঠকৰ দৰেই আজিও কৃষক সংগঠনৰ প্রতিনিধিসকলে কেন্দ্রীয় চৰকাৰৰ কোনো প্রস্তাৱ মানি নল’লে৷ প্রতিবাদী কৃষকে তিনি কৃষি আইন বাতিলৰ সিদ্ধান্ততে অটল হৈ থাকিল৷ আলোচনা বিফল হোৱাৰ পিছত কেন্দ্রীয় কৃষিমন্ত্রী টোমৰে কয় যে সিদ্ধান্ত এতিয়া কৃষকসকলৰ হাতত৷

আলোচনাৰ সময়ত কৃষকসকলৰ হূদয়ত কৃষকৰ কল্যাণক লৈ কোনো চিন্তা দেখা নোপোৱাটো তেওঁৰ বাবে দুখজনক বুলি আখ্যা দিয়ে কৃষিমন্ত্রীগৰাকীয়ে৷ তিনি কৃষি আইন বাতিলৰ বাহিৰে কৃষক সংগঠনৰ যদি কিবা নিজা প্রস্তাৱ আছে তাক দিবলৈ কৃষক প্রতিনিধিক আহ্বান জনোৱা বুলিও মন্ত্রীগৰাকীয়ে প্রকাশ কৰিছে৷ উল্লেখ্য যে আজিৰ বৈঠকখন মাত্র ১৫–২০ মিনিট ধৰিহে চলে৷

You might also like