নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাদ্য সংসাধন সঁজুলি নির্মাণ নেৰামেকৰ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ খাদ্য প্রস্তুতকৰণ উদ্যোগৰ সৈতে জড়িত লোকসকলৰ সুবিধাৰ বাবে এক নতুন সঁজুলি নির্মাণ কৰিছে নর্থ ইষ্ট ৰিজনেল এগ্রিকালচাৰ মার্কেটিং কর্প’ৰেচন লিমিটেড (নেৰামেক)–এ৷ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সহযোগত নেৰামেকে এই সৌৰশক্তিচালিত খাদ্য সংসাধন সঁজুলিবিধ নির্মাণ কৰিছে৷ এই নতুনকৈ নির্মাণ কৰা খাদ্য সংসাধন সঁজুলিবিধ হৈছে সৌৰশক্তিচালিত ডায়াৰ আৰু মাছ–মাংস–ফল শুকুওৱা ইলেক্ট্রিকেল স্ম’কিং মেচিন৷ বোকাখাতত অনুষ্ঠিত হোৱা ৰাষ্ট্রীয় কৃষি–উদ্যান শস্য মেলাত যোৱা ২১ জানুৱাৰীত এই সঁজুলি দুবিধ আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ কৃষিমন্ত্রী অতুল বৰাই৷ এই অনুষ্ঠানত উপস্থিত থাকে নেৰামেকৰ পৰিচালন সঞ্চালক মনোজ কুমাৰ দাস, অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ডীন ড০ সুনন্দন বৰুৱাকে ধৰি সংশ্লিষ্ট বিষয়ববীয়াসকল৷ কৃষি উদ্যান শস্য মেলাখনত নেৰামেকৰ বিপণীত সঁজুলি দুবিধ প্রদর্শন কৰা হৈছে৷ এই সঁজুলি দুবিধ আনুষ্ঠানিকভাৱে মুকলি কৰি মন্ত্রী বৰাই কয় যে সৌৰশক্তিচালিত ড্রায়াৰে ৰাজ্যৰ ধানত পানীৰ পৰিমাণ হ্রাস কৰাত সহায় কৰিব৷

You might also like