🔹 কেন্দ্ৰৰ প্রধান শস্য ক্রয় মূল্যৰ কাৰণে ৫ বছৰীয়া পৰিকল্পনাৰ প্রস্তাৱ নাকচ
বিশেষ বাৰ্তা, ২০ ফেব্রুৱাৰী : প্রতিবাদী কৃষক সংগঠনৰ প্রতিনিধি আৰু কেন্দ্রীয় চৰকাৰৰ প্রতিনিধিৰ মাজত চণ্ডীগড়ত চলা চতুর্থলানি বৈঠকত মাজনিশা মীমাংসা ওলাইছিল যদিও প্রধান শস্যৰ ক্রয় মূল্যৰ কাৰণে পাঁচ বছৰীয়া পৰিকল্পনাৰ প্রস্তাৱ নাকচ কৰে প্রতিবাদী কৃষকে। পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি অহা ২১ ফেব্ৰুৱাৰীত তেওঁলোকে দিল্লী চালো অভিযানত নামিব। কৃষকসকলৰ মতে, তেওঁলোকৰ সকলো দাবী পূৰণ নোহোৱালৈকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব। কেন্দ্ৰীয় খাদ্য মন্ত্ৰী পীয়ূষ গোৱেল, কৃষিমন্ত্ৰী অৰ্জুন মুণ্ডা আৰু গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে দেওবাৰে প্ৰতিবাদী কৃষকৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত গোৱেলে কয় যে কৃষকৰ বাবে বিশেষ অফাৰ দিয়া হৈছে। অহা পাঁচ বছৰৰ বাবে কেন্দ্ৰই ন্যূনতম সমৰ্থন মূল্যত দাইল, কুঁহিয়াৰ, কপাহ ক্ৰয় কৰিব। অৱশ্যে এই প্ৰস্তাৱ বিবেচনা কৰিবলৈ কৃষক নেতাসকলে দুদিনৰ সময় বিচাৰি দিল্লী চলো অভিযান স্থগিত ৰাখিছিল যদিও অৱশেষত কেন্দ্ৰৰ প্ৰস্তাৱ নাকচ কৰে প্ৰতিবাদী কৃষকসকলে। শস্যৰ ন্যূনতম সমৰ্থন মূল্য সন্দৰ্ভত চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ কৃষকসকলৰ বাবে কোনো লাভজনক নহয় বুলিও স্পষ্ট কৰা হয়। দৰাচলতে আন্দোলনৰ পৰা কৃষকৰ দৃষ্টি আঁতৰাবলৈ চৰকাৰে এই প্ৰস্তাৱ আগবঢ়োৱা বুলি জনায়। উল্লেখ্য যে যোৱা ১৩ ফেব্রুৱাৰীত দিল্লী চলো প্রতিবাদী কার্যসূচী সংযুক্ত কিষাণ মর্চা আৰু কিষাণ মজদুৰ মর্চাৰ নেতৃত্বত দেশৰ ২০০তকৈ অধিক কৃষক সংগঠনে আৰম্ভ কৰিছিল৷ কেন্দ্রীয় চৰকাৰে কৃষক সংগঠনৰ দাবী শস্যৰ ন্যূনতম সমর্থন মূল্য (এমএছপি)ক লৈ আইন প্রণয়ন সন্দর্ভত স্পষ্টকৈ প্রতিশ্রুতি নিদিলেও কৃষক সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱাৰ প্রতিশ্রুতি দি তিনিবাৰ বৈঠক অনুষ্ঠিত কৰে৷ তিনিখন বৈঠকত মীমাংসা নোলোৱাত পৰহি পুনৰ চণ্ডীগড়ত চতুর্থলানি বৈঠক অনুষ্ঠিত হৈ যায়৷ এই বৈঠকতে কেন্দ্রীয় চৰকাৰে পাঁচ বছৰীয়া পৰিকল্পনাৰ প্রস্তাৱ দিয়ে কৃষক প্রতিনিধিক৷ কেন্দ্রীয় চৰকাৰে দিয়া প্রস্তাৱ অনুসৰি প্রধান শস্য দাইল, মাকৈ আৰু কপাহৰ এমএছপিৰ ক্ষেত্রত চৰকাৰে এই শস্যকেইবিধ ক্রয় কৰাৰ মূল্য নির্ধাৰণেৰে পাঁচ বছৰীয়া পৰিকল্পনা দাঙি ধৰে৷ কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি, কৃষি আৰু কৃষক কল্যাণ মন্ত্রী অর্জুন মুণ্ডা, বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ূষ গোৱেল আৰু ৰাজ্যিক গৃহমন্ত্রী নিত্যানন্দ ৰায়ৰ তিনিজনীয়া কেন্দ্রীয় চৰকাৰৰ প্রতিনিধিয়ে কৃষক সংগঠনৰ প্রতিনিধিৰ সন্মুখত চৰকাৰৰ প্রস্তাৱ দাঙি ধৰে৷ চৰকাৰৰ এই প্রস্তাৱ আলোচনাত মিলিত হোৱা কৃষক প্রতিনিধিয়ে সহজতে মানি লোৱা নাছিল যদিও বহু বুজনিৰ অন্তত কৃষক প্রতিনিধিয়ে এই প্রস্তাৱ কৃষক সংগঠনৰ মাজত অধ্যয়নৰ অন্তত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি অৱগত কৰিছিল৷ কেন্দ্রীয় মন্ত্রী পীয়ূষ গোৱেলে কৃষক সংগঠনৰ প্রতিনিধিৰ সৈতে হোৱা চতুর্থলানি বৈঠক ইতিবাচক বুলি ঘোষণা কৰিছিল৷ সংযুক্ত কিষাণ মর্চা আৰু কিষাণ মজদুৰ মর্চাৰ লগতে কেইবাজনো প্রতিবাদী কৃষক প্রতিনিধিয়ে কেন্দ্রৰ প্রস্তাৱ বিবেচনাৰ কাৰণে মানি লৈ ১৯–২০ ফেব্রুৱাৰীৰ ভিতৰত এই সন্দর্ভত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিব বুলি মন্তব্য কৰিছিল৷ কৃষি বিশেষজ্ঞৰ লগতে তেওঁলোকৰ শুভাকাংক্ষী বিশেষজ্ঞৰ মতামতৰ আধাৰত কেন্দ্রীয় চৰকাৰৰ প্রস্তাৱ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি কৃষক সংগঠনৰ প্রতিনিধিয়ে প্রকাশ কৰিছিল৷ উল্লেখ্য যে শস্যৰ ন্যূনতম সমর্থন মূল্য এমএছপিৰ কাৰণে আইন প্রণয়নকে ধৰি কৃষকৰ বিভিন্ন সমস্যাৰ দাবীত পঞ্জাব, হাৰিয়ানা, উত্তৰ প্রদেশ আদি ৰাজ্যৰ কৃষকসকলে একত্রিতভাৱে দিল্লী চলো কার্যসূচী গ্রহণ কৰিছিল৷ কৃষক সংগঠনৰ এই দিল্লী চলো কার্যসূচী প্রতিৰোধ কৰাৰ বাবে পঞ্জাব–হাৰিয়ানা সীমান্তকে ধৰি ৰাজধানী দিল্লীৰ সীমান্তত নিশ্ছিদ্র নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয়৷ দিল্লীগামী সকলো সীমান্ত পথত কংক্রিটৰ বেৰিকেড, কাঁইটীয়া তাঁৰ আদিৰে অৱৰোধ কৰি কৃষকক বাধা প্রদান কৰা হয়৷ নিৰাপত্তা বাহিনীৰে সীমান্ত পথসমূহ ঘেৰি ৰাখি প্রতিবাদী কৃষকক দিল্লীত প্রৱেশত বাধা দিয়া হয়৷ প্রতিবাদী কৃষকৰ অটল স্থিতিৰ বাবেই দিল্লীগামী সকলো পথত অভাৱনীয় যান–জঁটৰ সৃষ্টি হয়৷ কৃষক সংগঠনৰ পূর্বৰ প্রতিবাদৰ ৰূপ দেখি কেন্দ্রীয় চৰকাৰে আলোচনাৰ বাবে আগবাঢ়ি আহে৷