নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপ্রিম ক’টলৈ কৃষক, ৰাইজৰ মাজলৈ বিজেপি

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ কেন্দ্রীয় চৰকাৰে প্রণয়ন কৰা নতুন কৃষি আইন প্রত্যাহাৰৰ দাবীত ৰাজধানী দিল্লীৰ সীমান্তত মহাবিক্ষোভ চলাই থকা কেইবাটাও কৃষক সংগঠনৰ প্রতিবাদে অধিক জংগী ৰূপ ধাৰণ কৰিবলৈ লৈছে৷ এফালে বিক্ষোভ আৰু আনফালে চৰম হতাশাৰ মাজত কৃষকসকলে হাৰ কঁপোৱা জাৰক নেওচি ৰাজধানী দিল্লীৰ সীমান্তৱর্তী বিভিন্ন স্থানত গ্রহণ কৰিছে অৱস্থান৷ বাৰে বাবে চৰকাৰৰ সৈতে ব্যর্থ হৈছে প্রতিবাদী কৃষক সংগঠনৰ আলোচনা৷ বিতর্কিত কৃষি আইনে দেশৰ কৃষকসকলৰ স্বার্থ সুৰক্ষিত নকৰে বুলি কৃষক সংগঠনসমূহৰ আন্দোলনক বিৰোধী ৰাজনৈতিক দলসমূহেও সমর্থন জনাইছে৷ এনে পৰিস্থিতি সত্ত্বেও কৃষি আইন বাতিল কৰিবলৈ ৰাজী নহয় কেন্দ্রৰ নৰেন্দ্র মোদী নেতৃত্বাধীন এনডিএ চৰকাৰ৷

প্রতিবাদী কৃষকৰ বিক্ষোভৰ জুই দেশৰ প্রান্তে প্রান্তে বিয়পি পৰাৰ সময়তে বিজেপিয়ে কৃষি আইনৰ সপক্ষত প্রচাৰ চলাবলৈ গ্রহণ কৰিছে নতুন কৌশল৷ এই কৌশল অনুসৰি দেশজুৰি আগন্তুক কেইটামান দিনৰ ভিতৰত কৃষি আইনৰ সপক্ষত প্রচাৰ চলাবলৈ ১০০খন সংবাদ মেলৰ আয়োজন কৰিব বিজেপিয়ে৷ দলৰ এক সূত্রই সদৰী কৰা অনুসৰি দেশৰ ৭০০খন জিলাত বিজেপিয়ে কৃষকসকলৰ সৈতে মুখামুখিকৈ বৈঠকত মিলিত হ’ব৷ কৃষকৰ সৈতে এই আইন সন্দর্ভত আলোচনা কৰিব দলৰ নেতা–কর্মীসকলে৷ কৃষি আইনৰ সপক্ষে প্রচাৰৰ বাবে ৰাইজৰ মাজলৈ যোৱাৰ সিদ্ধান্ত লৈছে শাসকীয় দলটোৱে৷

উল্লেখনীয় যে মোদী চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্রীয়েও এই প্রচাৰ অভিযানত অংশগ্রহণ কৰিব৷ কৃষি আইন সন্দর্ভত কৃষক তথা সাধাৰণ জনতাৰ উদ্বেগ আৰু এই সন্দর্ভত উত্থাপিত বিভিন্ন প্রশ্ণ সন্দর্ভত উত্তৰ দিব বিজেপিৰ নেতাসকলে৷ স্মর্তব্য যে বুধবাৰে কৃষক নেতাসকলে চৰকাৰৰ কৃষি আইন সংশোধনৰ লিখিত প্রস্তাৱ অগ্রাহ্য কৰাৰ পাছত প্রতিবাদে নতুন ৰূপ ধাৰণ কৰাৰ শংকা ঘনীভূত হৈছে৷ অৱশ্যে কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে এতিয়াও মুক্ত মনেৰে কৃষকসকলৰ সৈতে আলোচনাত বহিবলৈ চৰকাৰ সাজু থকা বুলি ঘোষণা কৰিছে৷

ইফালে, চৰকাৰে বাৰে বাৰে আলোচনাৰ প্রস্তাৱ আগবঢ়াই কৃষি আইনৰ সংশোধন ঘটোৱাৰ প্রতিশ্রুতি দি থকাৰ সময়তে আজি ভাৰতীয় কিষাণ ইউনিয়নে তিনিওখন নতুন কৃষি আইন প্রত্যাহাৰৰ দাবীত উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছে৷ তিনিওখন আইন কৃষকৰ স্বার্থক জলাঞ্জলি দি এনডিএ চৰকাৰে নিজ খেয়াল–খুচি মতে প্রণয়ন কৰা বুলি অভিযোগ কৰিছে ভাৰতীয় কিষাণ ইউনিয়নৰ নেতৃত্বই৷

স্মর্তব্য যে কৃষি আইন প্রত্যাহাৰৰ দাবীত সংগঠিত বিক্ষোভে ১৬টা দিন অতিক্রম কৰাৰ পাছতো দিল্লীৰ সীমান্তৰ পৰা প্রতিবাদী কৃষকসকল আঁতৰি যোৱা নাই৷ বৰঞ্চ নতুনকৈ হাজাৰ হাজাৰ কৃষক আহি এই প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰিছে৷ শেহতীয়াকৈ পঞ্জাবৰ বিভিন্ন জিলাৰ পৰা ১২শ ট্রেক্টৰেৰে দিল্লী অভিমুখে যাত্রা কৰিছে৷ এই কৃষকসকলে আগন্তুক ছমাহ পর্যন্ত দিল্লীৰ ৰাজপথত প্রতিবাদ সাব্যস্ত কৰাৰ সময়ত খাদ্যৰ সংকটত নপৰিবলৈ লগত লৈ আহিছে বৃহৎ পৰিমাণৰ খাদ্য–সামগ্রী৷ মজদুৰ সংঘর্ষ কমিটীৰ মুৰব্বী সতনাম সিং পানুৱে উল্লেখ কৰিছে যে দিল্লী অভিমুখে কৃষকসকলে আমৃত্যু আন্দোলনৰ সংকল্প লৈ যাত্রা কৰিছে৷ এই কৃষকসকলে ছিংঘু সীমান্তত প্রতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ সৈতে কাইলৈ মিলিত হ’ব৷ ইফালে, দিল্লী–উত্তৰপ্রদেশ সীমান্তৰ গাজীপুৰ প্রৱেশ পথতো প্রতিদিনে বৃদ্ধি পাইছে প্রতিবাদী কৃষকৰ সংখ্যা৷

লক্ষণীয়ভাৱে এই কৃষক আন্দোলনত দিল্লীৰ বহু শিক্ষা প্রতিষ্ঠানৰ ছাত্র সংগঠনৰ নেতা–কর্মীয়ে অংশগ্রহণ কৰিছে৷ কৃষক আন্দোলনৰ মাজতেই গৌতম নাভালখা, সুধা ভৰদ্বাজ, ভাভাৰা ৰাও, আনন্দ টেলটুম্বডে তথা দিল্লীৰ সংঘর্ষৰ সময়ত গ্রেপ্তাৰ কৰা উমৰ খালিদ, ছার্জিল ইমাম, খালিদ ছাইফি আদি বন্দী নেতা–কর্মীসকলৰ মুক্তিৰ দাবীত পোষ্টাৰ ওলমোৱাও পৰিলক্ষিত হৈছে৷ ইয়াৰ পাছতেই দেশৰ চোৰাংচোৱা সংস্থাসমূহে দাবী কৰিছে যে কৃষকৰ আন্দোলনক সংঘর্ষত পৰিণত কৰাৰ বাবে বাঁওপন্থীসকলে ষড়যন্ত্র কৰিছে৷

You might also like