🔹 এনচি নেতাৰ বিতর্কিত মন্তব্যক লৈ উত্তাল ৰাজনীতি
নিউজ ডেস্ক, ৩ নৱেম্বৰ : নেচনেল কনফাৰেঞ্চ (এনচি) নেতা ফাৰুক আব্দুল্লাৰ নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰাৰ বিপৰীতে কৰায়ত্ত কৰাহে উচিত বুলি কৰা মন্তব্যই দেশৰ ৰাজনীতি উত্তাল কৰি তুলিছে৷ শেহতীয়াভাৱে জম্মু–কাশ্মীৰত সন্ত্রাসবাদীৰ আক্রমণ বৃদ্ধি পোৱা সন্দর্ভত মন্তব্য কৰি এনচিৰ নেতা ফাৰুক আব্দুল্লাই প্রত্যক্ষভাৱে সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰা উচিত নহয় বুলি প্রতিক্রিয়া ব্যক্ত কৰে৷ এই লৈ দেশৰ ৰাজনীতি উত্তাল হৈ পৰিছে৷ ফাৰুক আব্দুল্লাৰ এই মন্তব্যক সমর্থন জনাই এনচিপিৰ নেতা শাৰদ পাৱাৰে কেন্দ্রক এই বিষয়টো সূক্ষ্মভাৱে বিবেচনা কৰিবলৈ আহ্বান জনায়৷ ইয়াৰ পিছতে জম্মু–কাশ্মীৰৰ বিজেপিৰ সভাপতি ৰবীন্দৰ ৰাইমাই ফাৰুক আব্দুল্লাৰ মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে শাৰদ পাৱাৰৰ সমর্থনকো কটাক্ষ কৰে৷ বিজেপিৰ নেতা ৰবীন্দৰ ৰাইমাই ফাৰুক আব্দুল্লাই সন্ত্রাসবাদীক হত্যাৰ বিপৰীতে কৰায়ত্ত কৰাত গুৰুত্ব দিব লাগে বুলি কৰা মন্তব্যক গৰিহণা জনায়৷