নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুর্ছিদাবাদত ফতোৱা, টিভি চালে কাণত ধৰি উঠা–বহা, খুৰাব চুলি

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ পশ্চিমবংগৰ মুর্ছিদাবাদ জিলাৰ সংখ্যালঘু অধ্যুষিত গাঁৱত টিভি দর্শনকে ধৰি কেইবাটাও কার্যক অসামাজিক বুলি অভিহিত কৰি জৰিমনাসহ শাস্তি ঘোষণা কৰিছে৷

গাঁওখনৰ মুৰব্বীয়ে সমাজ সংস্কাৰ সমিতিৰ বেনাৰত যোৱা ৯ আগষ্টত টিভি চোৱা, কেৰম খেলা, সুৰা ক্রয়–বিক্রয় কৰা, লটাৰীৰ টিকট ক্রয়, চেলফোন আৰু কম্পিউটাৰত গান শুনা আদি কার্যক অসামাজিক বুলি ঘোষণা কৰি এই কার্যত জড়িত লোকসকলক জৰিমনাসহ কাণত ধৰি উঠা–বহা আৰু চুলি খুৰোৱাৰ শাস্তি প্রদান কৰা হ’ব৷

তদুপৰি এনে কার্য কৰা লোকৰ বিষয়ে সন্ধান দিওঁতাক ১,০০০–২,০০০ টকা পুৰস্কাৰ ঘোষণা কৰিছে৷ ফতোৱা অনুসৰি টিভি চালে আৰু চেলফোন–কম্পিউটাৰত্ গীত শুনিলে ১,০০০ টকা জৰিমনা, কেৰম খেলিলে ৫০০ টকা, লটাৰীৰ টিকট ক্রয় কৰিলে ২,০০০ টকা, সুৰা বিক্রী কৰিলে ৭,০০০ টকা আৰু মূৰৰ চুলি খুৰাই গাঁৱত ঘূৰাব৷ লটাৰীৰ টিকট বিক্রী কৰিলে ৭,০০০ টকা জৰিমনা, মদ সেৱন কৰিলে ২ন০০০ টকা আৰু কাণত ধৰি উঠা–বহা, গাঞ্জা ক্রয় কৰিলে ৭,০০০ টকা জৰিমনা৷

You might also like