🔹 চাঞ্চল্যকৰ ঘটনা পোহৰলৈ অহাৰ পাছতে কঠোৰ চৰকাৰ
নিউজ ডেস্ক, ১২ এপ্রিল : চৰকাৰী নিয়ম অনুসৰি ভ্রূণৰ লিংগ নির্ধাৰণ অবৈধ আৰু শাস্তিযোগ্য অপৰাধ৷ অৱশ্যে এয়া কাগজে–কলমেহে সীমাবদ্ধ৷ আইনক অগ্রাহ্য কৰি হাৰিয়ানাৰ নামী–বেনামী স্বাস্থ্যকেন্দ্রবোৰত চলাই থকা হৈছে ভ্রূণৰ লিংগ নির্ধাৰণৰ ব্যৱসায়৷ অবাধ হাৰত লিংগ নির্ধাৰণ আৰু কন্যা ভ্রূণ হত্যাৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে হাৰিয়ানাৰ বিজেপি চৰকাৰ অস্বস্তিত পৰিছে৷ লগে লগে এই বিষয়টো সন্দর্ভত চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰে৷ সমগ্র ঘটনাৰ তদন্ত কৰিবলৈ টাস্ক ফ’ৰ্চ গঠন কৰাৰ উপৰি ৩০০ স্বাস্থ্যকেন্দ্রৰ অনুজ্ঞা–পত্র বাতিল কৰি দিছে চৰকাৰে৷ দেশৰ নাৰী সবলীকৰণক নজৰত ৰাখি ২০১৫ চনত হাৰিয়ানাৰ পাণিপথত ‘বেটী বচাও বেটী পঢ়াও’ আঁচনি মুকলি কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ কিন্তু প্রতি বছৰেই ৰাজ্যখনত দেখিবলৈ পোৱা গৈছে কন্যা শিশুৰ হাৰ অভাৱনীয়ভাৱে হ্রাস পাইছে৷ ২০১৯ চনত ৰাজ্যখনত এহেজাৰ ল’ৰা শিশুৰ তুলনাত কন্যা শিশুৰ জন্মৰ হাৰ আছিল ৯২৩ ৷ ২০২৪ চনত এয়া ৯১০লৈ হ্রাস পাইছে৷ সংবাদ মাধ্যমৰ তদন্তত পোহৰলৈ আহে যে ৰাজ্যখনত অভাৱনীয়ভাৱে কন্যা ভ্রূণ হত্যা কৰা হৈছে স্বাস্থ্যকেন্দ্রসমূহত৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে বিজেপিশাসিত ৰাজ্যখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ গতিকে, কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ বাধ্য হৈছে চৰকাৰ৷