নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ ফেব্ৰুৱাৰীত বিত্তমন্ত্রীৰ অন্তর্ৱর্তী বাজেট

🔹 আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন

বিশেষ বাৰ্তা, ৩১ জানুৱাৰী : আজিৰ পৰা সংসদৰ বাজেট অধিৱেশন অনুষ্ঠিত হ’ব৷ ইয়াৰ পূর্বে কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আহ্বানক্রমে সর্বদলীয় বৈঠক অনুষ্ঠিত হয়৷ মোদী চৰকাৰৰ দ্বিতীয়টো কার্যকালৰ অন্তিম বাজেট অধিৱেশন হ’ব এইখন৷ এই বাজেট অধিৱেশন আগন্তুক ৯ ফেব্রুৱাৰীলৈ চলিব৷ ১ ফেব্রুৱাৰীত বিত্তমন্ত্রী নির্মলা সীতাৰমণে সংসদত উত্থাপন কৰিব মোদী চৰকাৰৰ অন্তর্ৱর্তী বাজেট৷ উল্লেখনীয় যে বাজেট অধিৱেশনৰ এদিন পূর্বে শীতকালীন অধিৱেশনত নিলম্বিত হোৱা ৰাজ্যসভাৰ ১১গৰাকী আৰু লোকসভাৰ তিনিগৰাকী সাংসদৰ নিলম্বন প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় চৰকাৰে৷ উল্লেখনীয় যে সংসদৰ যোৱা শীতকালীন অধিৱেশনত নিলম্বন কৰা হৈছিল ১৪৬গৰাকী বিৰোধী সাংসদক৷ ইয়াৰে ১৪গৰাকী সাংসদৰ নিলম্বন প্রত্যাহাৰৰ সিদ্ধান্ত লোৱাৰ দায়িত্ব দিয়া হৈছিল প্রিভিলেজ কমিটীক৷ অৱশ্যে ১৩২গৰাকী সাংসদৰ নিলম্বনৰ ম্যাদ আছিল শীতকালীন অধিৱেশনৰ অন্তিমটো দিনলৈ৷ কালি ১৪গৰাকী সাংসদৰ নিলম্বন প্রত্যাহাৰৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ উল্লেখনীয় যে ইয়াৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে আহ্বান কৰা সর্বদলীয় বৈঠকত মুঠ ৩০টা দলৰ ৪৫গৰাকী সাংসদে অংশগ্রহণ কৰে৷ বাজেট অধিৱেশনৰ পূর্বে কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ মুখ্য অর্থনৈতিক উপদেষ্টাৰ দপ্তৰে দিয়া পূর্বাভাস অনুসৰি আগন্তুক বিত্তীয় বর্ষত ভাৰতৰ আর্থিক বৃদ্ধিয়ে ৭ শতাংশ অতিক্রম কৰিব৷ অকল সেয়াই নহয়, আগন্তুক ৩ বছৰৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হৈ পৰিব বুলিও মুখ্য অর্থনৈতিক উপদেষ্টাৰ দপ্তৰৰ পৰা পূর্বাভাস দিয়া হৈছে৷ ১ ফেব্রুৱাৰীত মোদী চৰকাৰৰ অন্তিমখন অন্তর্ৱর্তীকালীন বাজেট সংসদত উত্থাপন হোৱাৰ পূর্বে বিত্ত মন্ত্রালয়ৰ মুখ্য অর্থনৈতিক উপদেষ্টা দপ্তৰৰ তৰফৰ পৰা প্রস্তুত কৰা ‘দ্য ইণ্ডিয়ান ইক’নমী ৰিভিউ’ শীর্ষক প্রতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতৰ অর্থনীতি বৃদ্ধিৰ হাৰ আগন্তুক বর্ষবোৰত ৭ শতাংশতকৈ বেছি হ’ব৷ এই প্রতিবেদন অনুসৰি দেশৰ জিডিপি হ’ব ৫ লাখ কোটি ডলাৰ৷ প্রতিবেদনৰ ভূমিকাত মুখ্য অর্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনে উল্লেখ কৰে যে ২০২৪ বিত্তীয় বর্ষত ভাৰতীয় অর্থনীতি ৭ শতাংশ বা তাতকৈ অধিক হাৰত বৃদ্ধি পাব৷ বিত্ত মন্ত্রালয়ৰ এক সূত্রই সদৰী কৰা অনুসৰি, ১ ফেব্রুৱাৰীত উত্থাপন হ’বলগীয়া বাজেটতো অর্থনীতিৰ উন্নতিৰ লক্ষ্যৰে একাধিক পদক্ষেপ গ্রহণ কৰা হ’ব৷ অৱশ্যে যিহেতু নির্বাচনৰ পূর্বে এয়াই অন্তিম বাজেট, গতিকে যথেষ্ট জনকল্যাণমূলক আঁচনি ঘোষণা কৰা হ’ব পাৰে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷

You might also like