অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত ক’ভিড কেয়াৰ চেণ্টাৰত অগ্নিকাণ্ড
নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ অন্ধ্ৰপ্ৰদেশৰ এটা ক’ভিড কেয়াৰ চেণ্টাৰত আজি পুৱতিনিশা ৫ বজাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
ঘটনাৰ ২৫ মিনিটৰ ভিতৰত অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰে যদিও এই ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু হয়। ক’ভিড কেয়াৰ কেন্দ্ৰটোত ৫০গৰাকী লোকক ক’ৰোনাৰ বাবে ভৰ্তি কৰোৱা হৈছিল।
উল্লেখ্য বিজয়ৱাড়াৰ স্বৰ্ণ পেলেচ হোটেল নামৰ হোটেলখনক ক’ভিড কেয়াৰ কেন্দ্ৰলৈ পৰিৱৰ্তত কৰা হৈছিল। বিগত দিনবোৰত সকলো নিয়াৰিকৈ চলি আছিল যদিও আজি পুৱতিনিশা এই দুৰ্ঘটনাৰ সন্মুখীন হয় কভিড কেয়াৰ কেন্দ্ৰটো।
প্ৰাথমিক তদন্তত শ্বৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।