নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ আমেৰিকাৰ ৰাজনৈতিক ইতিহাসত উপ–ৰাষ্ট্রপতি হিচাপে নির্বাচনত জয়লাভ কৰি এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মূলৰ মহিলা কমলা হেৰিছ৷ জ’ বাইডেনে কমলা হেৰিছক উপ–ৰাষ্ট্রপতি পদৰ বাবে মনোনীত কৰিছিল৷ ১৯৬৪ চনৰ ২০ অক্টোবৰত কেলিফ’র্নিয়াৰ অ’কলেণ্ডত জন্মলাভ কৰা কমলা হেৰিছ ২০১৬ চনত ডেম’ক্রেট চিনেটৰ হিচাপে কেলিফ’র্নিয়াৰ পৰা নির্বাচিত হয়৷ লক্ষণীয়ভাৱে আমেৰিকাৰ ৰাজনৈতিক ইতিহাসত প্রথমগৰাকী মহিলা উপ–ৰাষ্ট্রপতি হৈছে কমলা হেৰিছ৷ অকল সেয়াই নহয়, দেশখনত প্রথমগৰাকী কৃষ্ণাংগ তথা ভাৰতীয় মূলৰ মহিলা উপ–ৰাষ্ট্রপতিৰ অভিলেখো গঢ়িছে হেৰিছে৷ উপ–ৰাষ্ট্রপতি নির্বাচনত জয়লাভ কৰাৰ পাছতে হেৰিছে তেওঁৰ প্রয়াত মাতৃলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি মন্তব্য কৰিছে যে এই বিজয়ৰ মুহূর্তৰ বাবে দীঘলীয়া পথ মুকলি কৰি দিছিল মাতৃয়ে৷ স্মর্তব্য যে আমেৰিকালৈ প্রব্রজিত ভাৰতীয় মহিলা আছিল কমলা হেৰিছৰ মাতৃ শ্যামলা গোপালন হেৰিছ৷
লক্ষণীয়ভাৱে এছীয়, লেটিন আমেৰিকান, শ্বেতাংগ, কৃষ্ণাংগ সকলো নাগৰিকেই হেৰিছক বিজয়ী হোৱাৰ ক্ষেত্রত সহায় কৰিছে৷ নির্বাচনত জয়লাভ কৰাৰ পাছতে হেৰিছে উল্লেখ কৰিছে যে উপ–ৰাষ্ট্রপতি পদত আৰোহণ কৰা প্রথমগৰাকী মহিলা তেওঁ, ইয়াৰ অর্থ এইটো নহয় যে তেৱেঁই অন্তিমগৰাকী মহিলা উপ–ৰাষ্ট্রপতি৷ জ’ বাইডেনক ৰাষ্ট্রপতি হিচাপে নির্বাচিত কৰি আমেৰিকাবাসীয়ে আশা আৰু ঐক্যক বাছি লোৱা বুলিও উল্লেখ কৰিছে হেৰিছে৷ স্মর্তব্য যে ২০১১ৰ পৰা ২০১৭ চনলৈ হেৰিছে এটর্নী জেনেৰেলৰ দায়িত্ব পালন কৰিছিল৷ দেশখনত লিংগ সমতাৰ উপৰি প্রব্রজিত লোকৰ অধিকাৰৰ পক্ষত মাত মাতি অহা হেৰিছৰ পিতৃ আছিল এগৰাকী জামাইকান নাগৰিক৷ পিতৃ ষ্টেণ্ডফর্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল আৰু মাতৃ আছিল ভাৰতীয় কূটনীতিক এগৰাকীৰ দুহিতা৷ হার্ভার্ড বিশ্ববিদ্যালয়ত কমলা হেৰিছে ৰাজনীতি বিজ্ঞান আৰু অর্থনীতি বিষয় লৈ অধ্যয়ন কৰিছিল৷ ১৯৮৯ চনত হেষ্টিংছ কলেজৰ পৰা হেৰিছে লাভ কৰে আইনৰ ডিগ্রী৷ স্মর্তব্য যে ১৯৯০ৰ পৰা ১৯৯৮ চনলৈ অ’কলেণ্ডৰ উপ–জিলা এটর্নী হিচাপে দায়িত্ব পালন কৰিছিল নেত্রীগৰাকীয়ে৷ ২০১২ চনত ডেম’ক্রেটিক নেচনেল কনভেঞ্চনত এক গুৰুত্বপূর্ণ ভাষণ দি কমলা হেৰিছ দেশখনৰ বর্ষীয়ানসকলৰ নজৰলৈ আহে৷ দুবছৰ পাছতে এটর্নী ডগলাছ এমহ’ফৰ সৈতে বিবাহপাশত আবদ্ধ হয় হেৰিছ৷ স্মর্তব্য যে ডেম’ক্রেটিক দলত আৰম্ভণিৰে পৰা এগৰাকী ৰাইজিং ষ্টাৰ আখ্যা লাভ কৰিছিল নেত্রীগৰাকীয়ে৷ ২০১৫ চনত হেৰিছে চিনেটৰ নির্বাচনৰ প্রার্থিত্বৰ দৌৰত অৱতীর্ণ হয়৷ ২০১৬ চনত নির্বাচনত জয়লাভ কৰে নেত্রীগৰাকীয়ে৷ ইয়াৰ পাছৰে পৰা আমেৰিকাত হেৰিছৰ ৰাজনৈতিক জয়যাত্রা আৰম্ভ হয়৷ চলিত বর্ষত উপ–ৰাষ্ট্রপতি পদৰ বাবে হেৰিছক মনোনীত কৰে ৰাষ্ট্রপতি জ’ বাইডেনে৷ উপ–ৰাষ্ট্রপতি হিচাপে জয়লাভ কৰি এতিয়া হেৰিছ হৈ পৰিছে বিশ্বৰ ৰাজনৈতিক বিশ্লেষকৰ বাবে সর্বাধিক চর্চাৰ ব্যক্তি৷