বিশেষ বাৰ্তা, ১৬ জানুৱাৰী : বছিৰহাটৰ অভিনেত্ৰী তথা তৃণমূলৰ সাংসদ নুছৰত জাহানে ফ্লেট ‘প্ৰৱঞ্চনা’ গোচৰত মুখথেকেচা খাবলগীয়া হৈছে। আলিপুৰ আদালতত বিচাৰাধীন হৈ আছিল এই গোচৰ। আলিপুৰ আদালতে অভিনেত্ৰীগৰাকীক এই গোচৰত সোঁশৰীৰে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে। সেই আদেশক প্ৰত্যাহ্বান জনাই নুছৰতে আলিপুৰৰ ন্যায়াধীশ আদালতৰ কাষ চাপিছিল। ন্যায়াধীশৰ আদালতে আলিপুৰ আদালতৰ এই নিৰ্দেশ বাহাল ৰাখে। ন্যায়াধীশগৰাকীয়ে কয় যে নিম্ন আদালতৰ নিৰ্দেশত কোনো ভুল নাই। গতিকে ফ্লেট জালিয়াতিৰ গোচৰত হাজিৰ হ’ব লাগিব নুছৰত। মন কৰিবলগীয়া যে নুছৰতে ফ্লেট দিয়াৰ নামত লাখ লাখ টকা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ অনুসৰি, নুছৰত এসময়ত সেই কোম্পানীটোৰ সঞ্চালক আছিল, যাৰ নাম এই জালিয়াতিৰ গোচৰত জড়িত। ২০১৪-১৫ চনত এই সংস্থাটোৱে ৪০০ৰো অধিক জ্যেষ্ঠ নাগৰিকৰ পৰা ৫.৫ লাখ টকা সংগ্ৰহ কৰিছিল। বিপৰীতে তেওঁলোকক ১০০০ বৰ্গফুটৰ ফ্লেট দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। যদিও তেওঁলোকে সেই ফ্লেট নাপালে। অভিযোগ উত্থাপন কৰা হৈছে যে ধনো ঘূৰাই দিয়া হোৱা নাই। শংকুদেৱ পাণ্ডাই সাংসদ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ফ্লেট প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ পোনপটীয়াকৈ ইডিৰ ওচৰত অভিযোগ কৰে। ইয়াৰ পিছত অভিযোগকাৰীসকলে আদালতৰ কাষ চাপিছিল। সেই অভিযোগৰ ভিত্তিত কলকাতা আৰক্ষী আৰু ইডিয়ে তদন্ত আৰম্ভ কৰিছিল। দৰাচলতে ইডিয়ে তৃণমূলৰ সাংসদক ফ্লেট ‘চিটিং’ গোচৰত চমন কৰে।