নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইচিইউত চিকিৎসাধীন বিমানসেৱিকাক যৌন নির্যাতন কর্মীৰ

🔹 হাৰিয়ানাৰ গুৰুগ্রামৰ হাস্পতালত শিহৰণকাৰী ঘটনা

নিউজ ডেস্ক, ১৭ এপ্রিল : আইচিইউত আশংকাজনক অৱস্থাত চিকিৎসাহীন হৈ আছিল বিমানসেৱিকা৷ ৰখা হৈছিল ভেণ্টিলেচনত৷ সেই অৱস্থাতেই বিমানসেৱিকাগৰাকীক হাস্পতালৰ এগৰাকী কর্মীয়ে যৌন নির্যাতন চলোৱাৰ অভিযোগ উঠিছে৷ শেহতীয়াকৈ হাৰিয়ানাৰ গুৰুগ্রামৰ এখন ব্যক্তিগত হাস্পতালত এনে শিহৰণকাৰী ঘটনা সংঘটিত হৈছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি হোটেলত থকা সময়ত ছুইমিং পুলত সাঁতুৰিব গৈ অসুস্থ হৈছিল ৪৬ বছৰীয়া বিমানসেৱিকাগৰাকী৷ গুৰুগ্রামৰ হাস্পতালত দুগৰাকী নার্ছৰ উপস্থিতিত এজন কর্মীয়ে মহিলাগৰাকীক যৌন আতিশয্য চলোৱাৰ অভিযোগ উঠিছে৷ এই ঘটনাক কেন্দ্র কৰি উত্তপ্ত হৈ পৰে গুৰুগ্রামৰ পৰিস্থিতি৷

You might also like