নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ বাবে বৃহত্তম নিৰাপত্তা ভাবুকি চীন

চিডিএছ জেনেৰেল বিপিন ৰাৱাট

নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ পাৰমাণৱিক শক্তিসম্পন্ন ভাৰত আৰু চীনৰ মাজত চলিত সীমা বিবাদ সমাধানৰ পথত বিশ্বাসৰ অভাৱ আৰু সন্দেহ হেঙাৰ হৈ আছে৷ ভাৰতৰ বাবে বৃহত্তম নিৰাপত্তা ভাবুকি হৈছে চীন৷ –এই মন্তব্য চি ডি এছ জেনেৰেল বিপিন ৰাৱাটৰ৷ সীমান্তত চীনৰ আগ্রাসী ভূমিকাৰ বাবে ভাৰতে কেইবাসহস্র সেনা আৰু অনেক যুদ্ধাস্ত্র মোতায়েন কৰি ৰখা হৈছে বুলি উল্লেখ কৰি চি ডি এছ জেনেৰেল ৰাৱাটে কয় যে এই সেনা আৰু যুদ্ধাস্ত্রসমূহ দীর্ঘদিন ধৰি সীমাতেই থাকিব৷ বিগত বর্ষত লাডাখত চীন–ভাৰতৰ সেনাৰ মাজত হোৱা সংঘর্ষৰ পাছৰে পৰা সীমান্তত চীনৰ সামৰিক শক্তিক প্রত্যাহ্বান জনাবলৈ ভাৰতীয় সেনাই সকলো ব্যৱস্থাৰে নিজকে সাজু কৰি ৰখা বুলি কয় জেনেৰেল ৰাৱাটে৷ চুবুৰীয়া ৰাষ্ট্রখনৰ যিকোনো দুঃসাহসিক অভিযানক প্রতিহত কৰাৰ বাবে ভাৰতীয় সেনা সীমান্ত আৰু সাগৰতো সাজু হৈ আছে বুলি উল্লেখ কৰি জেনেৰেল ৰাৱাটে কয় যে হিমালয়ৰ সীমান্তত দুই দেশেই নিজৰ সেনাৰ শক্তি বৃদ্ধি কৰাৰ লগতে আন্তঃগাঁথনি আৰু সামৰিক গাঁথনি শক্তিশালী কৰি আছে৷

উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশৰ সীমান্তত চীনে গাঁও নির্মাণ কৰাৰ তথ্য আমেৰিকা যুক্তৰাষ্ট্রৰ পেণ্টাগনে অলপতে প্রকাশ কৰাৰ পাছতেই দুই দেশৰ মাজত সীমান্তৰ বিবদমান ভূমিক লৈ বাক্যুদ্ধ চলিছে৷ এনে সময়তে সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত জেনেৰেল ৰাৱাটে কয় যে চীনে সীমান্তত গাঁও নির্মাণ কৰিছে তেওঁলোকৰ জনতাক সংস্থাপন কৰাৰ বাবে কিম্বা অদূৰ ভৱিষ্যতে এল এ চি সংলগ্ণ অঞ্চলত সেনা মোতায়েন কৰাৰ বাবে৷ লাডাখৰ পৰা অৰুণাচল প্রদেশলৈকে চীনৰ সীমান্তত দেশখনৰ শক্তি বৃদ্ধিয়ে ভাৰতৰ নিৰাপত্তাৰ প্রতি ভাবুকি আহিছে বুলি স্বীকাৰ কৰে জেনেৰেল ৰাৱাটে৷ আনপিনে তালিবান শাসিত আফগানিস্তানো ভাৰতৰ বাবে উদ্বিগ্ণতাৰ বিষয় বুলি উল্লেখ কৰি জেনেৰেল ৰাৱাটে কয় যে আফগানিস্তানৰ পৰা অস্ত্র–শস্ত্রৰ সমর্থনেৰে ইছলামিক জেহাদী সংগঠনসমূহে শক্তিশালী হৈ জম্মু–কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷ সন্ত্রাসবাদী সংগঠন দেশখনৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱাই আন নিষিদ্ধ সন্ত্রাসবাদী সংগঠনক উৎসাহিত কৰিছে৷ ইয়াৰ সমান্তৰালকৈ পাকিস্তান আৰু চীনে ভাৰতৰ বিৰোধী স্থিতি লৈ আছে৷ এনে পৰিপ্রেক্ষিততেই আফগানিস্তান ভাৰতৰ নিৰাপত্তাৰ বাবে ভাবুকি হোৱাৰ সম্ভাৱনা নথকা নহয়৷

You might also like