নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ-নিৰ্দলীয় হিচাপেও ইউপিৰ ভোটযুদ্ধত অখিলেশ যাদৱ

বিশেষ বাৰ্তা, ১ মাৰ্চঃ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ভোটযুদ্ধত নামিছে চাৰিজনকৈ অখিলেশ যাদৱ। সমাজবাদী পাৰ্টীৰ অধ্যক্ষ তথা ৰাজ্যখনৰ প্ৰক্তন মুখ্যমন্ত্ৰী সকলোৰে পৰিচিত অখিলেশ যাদৱৰ উপৰি আৰু এজন অখিলেশ যাদৱ নামিছে দলটোৰ পৰা। আনহাতে, এজন অখিলেশ যাদৱ কংগ্ৰেছৰ আৰু আন এজন নিৰ্দলীয় হিচাপে যুঁজত নামিছে। সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱৰ সমষ্টি মইনপুৰী জিলাৰ কৰহলত ভোটদান হৈ গৈছে। সমাজবাদী পাৰ্টীৰ দ্বিতীয়জন অখিলেশ যাদৱৰ সমষ্টি আজমগঢ় জিলাৰ মুবাৰকপুৰৰ। ইয়াৰ উপৰি কংগ্ৰেছৰ অখিলেশ যাদৱে অযোধ্যাৰ বিকাপুৰ আসনৰ পৰা ৰণক্ষেত্ৰত নামিছে। আৰু চতুৰ্থজন অখিলেশ যাদৱ নিৰ্দলীয় হিচাপে নামিছে চম্বলৰ গুন্নোৰ সমষ্টিৰ পৰা। এই চাৰিজন অখিলেশ যাদৱক লৈ ৰাইজ বিভ্ৰান্ত হোৱাও দেখিবলৈ পোৱা গৈছে। বহুতে সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে দুটা সমষ্টিৰ পৰা ভোট খেলা বুলি ভাৱিছিল।

You might also like