হেণ্ডচেক নহয় নমস্কাৰ… ফান্সৰ ৰাষ্ট্ৰপতি আৰু জাৰ্মান চেঞ্চেলৰে স্বাগতম জনালে নমস্কাৰেৰে
নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ স্বাগতম জনোৱাৰ ভংগী ক্ৰমাৎ হেণ্ডচেকৰ পৰা নমস্কাৰলৈ সলনি হৈছে। ক’ৰোনা ভাইৰাছৰ বাবে স্বাগতম জনোৱাৰ ভাৰতীয় ভংগী নমস্কাৰক আঁকোৱালি লোৱা দেখা গ’ল আজি ফান্সত।
Namaste is Global !
?:When Emmanuel Macron, President of France and Angela Merkel, Chancellor of Germany greet each other with Namastepic.twitter.com/jHUhW2CfPY
— All India Radio News (@airnewsalerts) August 20, 2020
ইউৰোপীয় ইউনিয়নৰ দুই শক্তিশালী নেতা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু জাৰ্মানীৰ চেঞ্চেলৰ এঞ্জেলা মৰ্কেলে উভয়ক স্বাগতম জনালে হাতযোৰ কৰি নমস্কাৰৰ ভংগিমাৰে।
সাধাৰণতে পাশ্চাত্যৰ দেশত কান্ধ মিলাই বা হেণ্ডচেক কৰি ইজনে সিজনক স্বাগতম জনাই যদিও এতিয়া ক’ৰোনাকালীন পৰিস্থিতিৰ বাবে ভাৰতীয় নমস্কাৰ আৰ্হিকে আঁকোৱালি লোৱা দেখা গৈছে।
ইয়াৰ আগতেও ফান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে স্বাগতম জনোৱাৰ বাবে নমস্কাৰ ভংগী ব্যৱহাৰ কৰা দেখা গৈছিল।
উল্লেখ্য ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও নমস্কাৰ ভংগিমাক স্বাগতম জনোৱাৰ অন্যতম মাধ্যম বুলি মত ব্যক্ত কৰিছিল।