নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ত আক্রান্ত ফৰাচী ৰাষ্ট্রপতি ইমানুৱেল মেক্র’ন

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ ইউৰোপীয় ৰাষ্ট্র ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্র’ন ক’ভিড–১৯ মহামাৰীত আক্রান্ত হৈছে৷ দেশখনৰ ৰাষ্ট্রপতি প্রাসাদৰ পৰা এক বিবৃতিত সদৰী কৰা হৈছে এই তথ্য৷ শৰীৰত ক’ভিড–১৯ৰ প্রাথমিক লক্ষণ দেখা দিয়াৰ পিছতেই ৪২ বছৰীয়া ৰাষ্ট্রপতিগৰাকীয়ে স্বাস্থ্য পৰীক্ষা কৰাইছিল৷ তাৎক্ষণিকভাৱে ৰাষ্ট্রপতি মেক্র’ন ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি ধৰা পৰে৷ ক’ভিড মহামাৰীত আক্রান্ত হোৱাৰ পিছত ৭ দিন আইছ’লেচনত থাকিব মেক্র’ন৷ ৰাষ্ট্রপতি প্রাসাদ এলিছী পেলেচৰ পৰা বিবৃতিত উল্লেখ কৰা অনুসৰি আইছ’লেচনত থাকিলেও মেক্র’নে নিয়মীয়া দায়িত্ব পালন কৰি যাব৷ স্মর্তব্য যে ব্রিটেইন, জার্মানীৰ পিছত ফ্রান্সতো ক’ভিড–১৯ৰ সংক্রমণৰ দ্বিতীয় জোৱাৰ ইতিমধ্যে আৰম্ভ হৈছে৷ চলিত সপ্তাহতে দেশখনত ক’ভিড মহামাৰী প্রতিৰোধৰ বাবে নিশাৰ ভাগত প্রয়োগ কৰা হৈছে সান্ধ্য আইন৷ ফ্রান্সত এতিয়ালৈকে ২০ লাখ লোক ক’ভিড মহামাৰীত আক্রান্ত হোৱাৰ উপৰি প্রাণ হেৰুৱাইছে ৫৯,৪০০ লোকে।

You might also like