নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোলাপানী এৰি মিনাৰেল ৱাটাৰলৈ অগ্ৰসৰ হৈছে সকলোঃ নোমল মমিন

'কংগ্ৰেছ এতিয়া গেলা কোমোৰা'

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ কংগ্ৰেছৰ ঘোলাপানী এৰি বিজেপিৰ মিনাৰেল ৱাটাৰলৈ আহিব বহু নেতা। এই মন্তব্য বিজেপিৰ বিধায়ক নোমল মমিনৰ। অজন্তা নেওগ বিজেপিলৈ অহাৰ সন্দৰ্ভত এই মন্তব্য বিধায়কগৰাকীৰ।

তেওঁ সাংবাদিকৰ আগত কয় যে বিজেপি এতিয়া মিনাৰেল ৱাটাৰ। বানপানীৰ সময়ত মানুহে যেতিয়া ঘোলাপানী নাখায়। মিনাৰেল ৱাটাৰ খাব বিচাৰে ঠিক সেইদৰে এতিয়া কংগ্ৰেছৰ ঘোলাপানী এৰি বিজেপিলৈ অহিছে বহুলোক।

এইবাৰ কংগ্ৰেছ চাফা, কংগ্ৰেছৰ এইবাৰ নিস্তাৰ নাই। এইবোৰ কথা ৰাইজে বুজি পাইছে আৰু সেয়ে কংগ্ৰেছক প্ৰত্যাখান কৰিছো। ৰাইজেই নহয়, কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই প্ৰত্যাখান কৰিছে কংগ্ৰেছক। ইয়াৰ পৰা বুজা যায় যে কংগ্ৰেছ এতিয়া গেলা কোমোৰালৈ পৰিণত হৈছে। বজাৰত যেনেকৈ গেলা কোমোৰা বিক্ৰী নহয় তেনেকৈ কংগ্ৰেছো ৰাইজৰ ওচৰলৈ যাব নোৱাৰে। গতিকে আগন্তুক দিনত বহু নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।

You might also like